বৰ্ষাপাৰাত আজি সমুখসমৰত ৰাজস্থান ৰয়েলছ বনাম পঞ্জাব কিংছ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ মে’ : চলিত আই পি এলৰ অন্তিম দুখন লীগ মেচত অংশ লোৱাৰ বাবে গুৱাহাটীলৈ অহা ৰাজস্থান ৰয়েলছে আজি বর্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত পঞ্জাব কিংছৰ বিৰুদ্ধে খেলিব৷ গুৱাহাটীক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আই পি এল)ৰ প্রথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে আজিৰ মেচখনত সফলতা অর্জন কৰি পুনৰ জয়ৰ ছন্দলৈ প্রত্যাৱর্তনৰ চেষ্টা কৰিব। চলিত ১৭সংখ্যক আই পি এলত নক্ষত্রৰ দৰে উজলি উঠা ৰিয়ানে ইতিমধ্যে খেলা ১২খন মেচত ৪৮৩ ৰান কৰিছে৷ বিশ্বৰ ক্রিকেটপ্রেমীৰ প্রশংসা বুটলি গৌৰৱেৰে জন্মভূমিলৈ অহা ৰিয়ানে নিজৰ ধাৰাবাহিকতা ঘৰুৱা সমর্থকৰ সন্মুখতো ধৰি ৰখাৰ চেষ্টা কৰিব বুলি আশাবাদী ক্ৰীড়ানুৰাগী। উল্লেখ্য যে ১২খন মেচত ১৬ পহণ্ট লাভ কৰি সম্প্রতি তালিকাৰ দ্বিতীয় স্থানত থকা ৰয়েলছে আজিৰ মেচত অ’পেনাৰ জ’ছ বাটলাৰ অবিহনে খেলিব৷ উল্লেখ্য যে মেচৰ দুঘণ্টা পূর্বে সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ’ব৷

Featured