আইপিএলৰ পিছতে মুম্বাই ইণ্ডিয়ানছ এৰিব ৰোহিত শর্মাই

🔹 অধিনায়কত্বক লৈ হার্দিক পাণ্ডিয়াৰে মতানৈক্য

বিশেষ বাৰ্তা, ৫ এপ্রিল : তুংগত উঠিছে হার্দিক পাণ্ডিয়া আৰু ৰোহিত শর্মাৰ মতানৈক্য৷ চলিত আইপিএলৰ আৰম্ভণিতে ৰোহিত শর্মাক অধিনায়ক পদৰ পৰা অপসাৰণ কৰি হার্দিক পাণ্ডিয়াক মুম্বাই ইণ্ডিয়ানছৰ নতুন অধিনায়ক হিচাপে নিযুক্ত কৰাৰ পিছৰে পৰা দুভাগত বিভক্ত হৈছে দলটো৷ দলটোত কিছুসংখ্যক খেলুৱৈয়ে ৰোহিতক সমর্থন কৰাৰ বিপৰীতে আন কিছুসংখ্যকে হার্দিক পাণ্ডিয়াক সমর্থন আগবঢ়াইছে৷ অনুৰাগীৰো সংখ্যা বিভক্ত হৈছে৷ দলৰ ভিতৰত বিভাজন আৰু মতানৈক্যৰ জল্পনা–কল্পনা বৃদ্ধি পোৱাৰ মাজতে এক ডাঙৰ খবৰ পোহৰলৈ আহিছে৷ এক সংবাদ প্রতিষ্ঠানে সদৰী কৰা মতে, চলিত আইপিএলৰ সমাপ্তিৰ পিছতেই ৰোহিত শর্মাই মুম্বাই ইণ্ডিয়ানছ এৰাৰ সম্পূর্ণ সম্ভাৱনা আছে৷ মূলতঃ হার্দিক পাণ্ডিয়াক অধিনায়ক হিচাপে নিযুক্তি দিয়া কার্যত অসন্তুষ্ট হৈ পৰিছে দলটোৰ প্রাক্তন অধিনায়ক ৰোহিত শর্মা৷ সূত্রটোৱে দাবী কৰা মতে, ৰোহিত শর্মাই হার্দিক পাণ্ডিয়াৰ নেতৃত্বশৈলীৰ লগত খাপ খাব পৰা নাই আৰু তেওঁলোকৰ উত্তপ্ত আলোচনাৰ পিছত সৃষ্টি হোৱা শত্রুতাপূর্ণ ড্রেছিং ৰুমৰ পৰিৱেশৰ বাবে ৰোহিত শর্মাই ফ্রেনচাইজীটো চিৰদিনৰ বাবে এৰি যোৱাৰ সিদ্ধান্ত লৈছে৷ ৰোহিত শর্মাক অধিনায়ক পদৰ পৰা অপসাৰণ কৰাৰ পিছৰে পৰা মুম্বাই ইণ্ডিয়ানছে অনুৰাগীৰ আস্থা আৰু বিশ্বাস হেৰুৱাই পেলাইছে৷ তদুপৰি হার্দিক পাণ্ডিয়াৰ নেতৃত্বত এইপর্যন্ত দলটোৱে ভাল প্রদর্শন কৰিব পৰা নাই৷ উতলি থকা উত্তেজনাই অতি সোনকালে ফ্রেনচাইজীটো ভাঙি পেলাব পাৰে৷ উল্লেখ্য যে পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে চলিত আইপিএলত এতিয়ালৈকে তিনিখন মেচ খেলিছে আৰু আটাইকেইখনতে পৰাজয়ৰ গ্লানি সহিছে৷

Featured