অষ্ট্ৰেলিয়াৰে ৰোহিতৰ নিঃস্বাৰ্থ ইনিংছক প্ৰশংসা ৰাৱালপিণ্ডি এক্সপ্ৰেছৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ জুনঃ ছুপাৰ-৮ৰ মেচত অষ্ট্ৰেলিয়াক ২৪ ৰানত পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে ভাৰতে। মেচখনত ৰোহিত শৰ্মাই ৪১টা বলত ৯২ ৰান সংগ্ৰহ কৰি টীম ইণ্ডিয়াৰ জয়ৰ ভেটি স্থাপন কৰে, য’ত তেওঁ ৭টা চাৰি আৰু ৮টা ছয়ো মাৰে। মেচখনত ৰোহিতে মিচেল ষ্টাৰ্কৰ অভাৰত ৪টা ছয় মাৰি মুঠ ২৯ ৰান সংগ্ৰহ কৰিছিল। এতিয়া পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বোৱেইব আখতাৰে নিজৰ ইউটিউব চেনেলৰ জৰিয়তে ভাৰতীয় অধিনায়কগৰাকীক প্ৰশংসা কৰি কয় যে এনে নিঃস্বাৰ্থ ইনিংছ এনেকুৱা। শ্বোৱেইব আখতাৰে নিজৰ ইউটিউব চেনেলত কয়, ৰোহিত শৰ্মাই যি কৰিব লাগিছিল তাকেই কৰিলে। বেটেৰে কি যে উজ্জ্বল খেল দেখুৱাইছে। ৰোহিতে মিচেল ষ্টাৰ্কক তীব্ৰভাৱে প্ৰহাৰ কৰিছে। এনেদৰে এজন প্ৰকৃত নেতাই খেলে। সেই নেতাজন ৰোহিত শৰ্মা। তেওঁ নিঃস্বাৰ্থভাৱে আৰু যোৱা এবছৰ ধৰি দেশৰ হৈ জয়ী হ’ব বিচাৰিছে মোৰ হৃদয়ে মোক কৈ আছিল যে মেচখনত ৰোহিত শৰ্মাই ১৫০ ৰান কৰিব। আখতাৰেও এই বিষয়ত ‘হিটমেন’ক প্ৰশংসা কৰি কয় যে তেওঁ নিজৰ শতক সম্পূৰ্ণ কৰিবলৈ লাহে লাহে খেলা নাছিল। ৯০ ৰান অতিক্ৰম কৰাৰ পিছতো ৰোহিতে ডাঙৰ ডাঙৰ শ্বট খেলিবলৈ চেষ্টা কৰি আছিল।

Featured