গম্ভীৰৰ পৰামর্শতে অস্ত্রত শান ৰিয়ান পৰাগৰ

🔹 ৫ ৰানত ৩ উইকেট : স্পিনৰ ৰহস্য জনালে অসম সন্তানে

বিশেষ বাৰ্তা, ২৯ জুলাই : অসমৰ সুদক্ষ ক্রিকেটাৰ ৰিয়ান পৰাগে শ্রীলংকাৰ বিৰুদ্ধে প্রথমখন টি–২০ মেচত ৫ ৰানতে তিনিটা উইকেট দখল কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ শেষৰফালে ৰিয়ানৰ হাততে অলআউট হয় শ্রীলংকা৷ মেচখনৰ অন্তত ৰিয়ানে কয়– প্রশিক্ষক গৌতম গম্ভীৰৰ পৰামর্শতেই অস্ত্রত শান দিছে তেওঁ৷ এটি ভিডিঅ’ত নিজৰ বলিং প্রসংগত মুখ খুলিছে ৰিয়ানে৷ তেওঁ কয়– মই বলিং কৰি ভাল পাওঁ৷ নেটত যথেষ্ট সময় বলিং কৰোঁ৷ ক’ত বল কৰা উচিত, কিদৰে বল দিয়া উচিত, সেই সম্পর্কে বলিং প্রশিক্ষকৰ সৈতেও কথা পাতোঁ৷ গৌতম ছাৰৰ সৈতে এই বিষয়ে যথেষ্ট কথা পাতিছোঁ৷ তেওঁ বহু পৰামর্শ আগবঢ়াইছে৷ সেইদৰেই প্রথম মেচত বলিং কৰিছোঁ৷ ১৭ অথবা ১৮সংখ্যক অভাৰত যদি উইকেটত স্পিন থাকে, তেনেহ’লে মই কিদৰে বলিং কৰা উচিত, সেই পৰিকল্পনা কৰিছিলোঁ৷ মই উইকেটত বল ৰখাৰ চেষ্টা কৰিছিলোঁ৷ বল ঘূৰাৰ বাবে যথেষ্ট অসুবিধা হৈছিল৷ উল্লেখ্য যে শ্রীলংকাৰ বিৰুদ্ধে লেগ স্পিনৰ লগতে অফ স্পিনো কৰিছিল পৰাগে৷ তেওঁ ইয়ার্কাৰো দিয়াত সফল হৈছে৷ ৰিয়ানে বল হাতত লৈ দলৰ এক্স ফেক্টৰ হ’ব পাৰে বুলি জনাইছে অধিনায়ক সূর্যকুমাৰ যাদৱে৷ তেওঁ কয়– মই ৰিয়ানক আইপিএলত বলিং কৰা দেখিছোঁ৷ তেওঁ নেটতো বহু সময় বলিং কৰে৷ মেচৰ পূর্বে সংবাদ মেলত মই কৈছিলোঁ– ৰিয়ান আমাৰ দলৰ এক্স ফেক্টৰ৷

Featured