১৬ মাহৰ নিৰ্বাসন কটাই আন্তৰ্জাতিক ক্ৰিকেটলৈ উভতিল ছাকিব

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ দীর্ঘ ১৬ মাহৰ পাছত আন্তর্জাতিক ক্রিকেটলৈ উভতিল ছাকিব আল হাচান। বাংলাদেশৰ তাৰকা অল-ৰাউণ্ডাৰগৰাকীয়ে শেষবাৰলৈ দেশৰ হৈ খেলত অংশ লৈছিল ২০১৯ৰ ২১ চেপ্টেম্বৰত আফগানিস্তানৰ বিৰুদ্ধে টি-২০ মেচত। তাৰ পাছত আইচিচিৰ নির্বাসনৰ বাবে তেওঁ ক্রিকেটৰ পৰা দূৰত থাকিবলগীয়া হয়।

নির্বাসন কটায় ঘৰুৱা টি-২০ লিগত নিজকে প্রস্তুত কৰাৰ পাছত অৱশেষত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘৰৰ মাটিত এদিনীয়া শৃংখলাত অংশ ল’লে ছাকিবে।