আইপিএলত ৰাজস্থান ৰয়েলছৰ মেণ্টৰৰ দায়িত্বত শ্বেন ৱান

নিয়মীয়া বাৰ্তা,  ১৪ ছেপ্টেম্বৰঃ অষ্ট্রেলিয়াৰ একালৰ কিংবদন্তি লেগস্পিনাৰ শ্বেন ৱার্নক এইবাৰৰ আই পি এলত নতুন ভূমিকাত দেখিবলৈ পোৱা যাব৷ সম্প্রতি ৰাজস্থান ৰয়েলছৰ ব্রেণ্ড এম্বেছাডৰৰ দায়িত্বত থকা ৱার্নক দলটোৱে  মেণ্টৰ হিচাপে নিযুক্তি দিছে৷

অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা ইউ এ ইত আৰম্ভ হ’বলগীয়া আই পি এলত অষ্ট্রেলিয়াৰ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে ৰাজস্থান ৰয়েলছৰ মুখ্য প্রশিক্ষক এণ্ড্রিউ মেকড’নাল্ডক মেণ্টৰ হিচাপে সহায় কৰিব৷  ৫১ বছৰত ভৰি দিয়া শ্বেন ৱার্নৰ জন্মদিনৰ দিনাই ৰাজস্থান ৰয়েলছে এই কথা ঘোষণা কৰে৷

ইফালে, অষ্ট্রেলিয়াৰ একালৰ কিংবদন্তি লেগস্পিনাৰগৰাকীক মেণ্টৰৰ ৰূপত লাভ কৰি উৎফুল্লিত ৰাজস্থান ৰয়েলছৰ মুখ্য কার্যবাহী বিষয়া জেক লাছ মেকক্লামে কয় যে– শ্বেন ৱার্নৰ নিযুক্তিয়ে ৰাজস্থান ৰয়েলছক গৌৰৱান্বিত কৰিছে৷ তেওঁৰ দৰে এগৰাকী মহান ক্রিকেটাৰৰ তত্ত্বাৱধানত দলটোৱে এইবাৰৰ আই পি এলত খিতাপ জয়ৰ লক্ষ্যৰে খেলপথাৰত নামিব৷

মন কৰিবলগীয়া যে আই পি এলৰ আৰম্ভণি বর্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছৰ অন্যতম গুৰুত্বপূর্ণ খেলুৱৈ হিচাপে আছে অসমৰ উদীয়মান তাৰকা ৰিয়ান পৰাগ৷