শৈশৱৰ সপোন পূৰণ কৰিবলৈ সাজু শুভমন

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ অষ্ট্রেলিয়াৰ মাটিত অষ্ট্রেলিয়াৰ বিৰুদ্ধে খেলাৰ সপোন পূৰণ কৰিবলৈ সাজু হৈছে টীম ইণ্ডিয়াৰ উদীয়মান তাৰকা শুভমন গিল৷ ভাৰতীয় এদিনীয়া আৰু টেষ্ট দলত স্থান লাভ কৰা খেলুৱৈগৰাকীয়ে অষ্ট্রেলিয়া ভ্রমণলৈ দীর্ঘদিনৰে পৰা উৎকণ্ঠাৰে অপেক্ষা কৰিছিল৷

আই পি এলত কলকাতা নাইট ৰাইডার্ছৰ হৈ উজলি উঠা ২১ বছৰীয়া প্রতিভাৱান বেটছমেনগৰাকীয়ে আজি কয় যে অৱশেষত তেওঁৰ শৈশৱৰ সপোন পূৰণ হোৱাৰ দিশত আগবাঢ়িছে৷ ‘ক্রিকেট খেলিবলৈ আৰম্ভ কৰাৰ সময়ৰে পৰা অষ্ট্রেলিয়াৰ মাটিত খেলাৰ সপোন পুহি ৰাখিছিলোঁ৷ বহু বছৰ উৎকণ্ঠাৰে অপেক্ষা কৰাৰ অন্তত অৱশেষত মোৰ সন্মুখত এক সুৱর্ণ সুযোগ আহিছে৷ এই ভ্রমণক লৈ মই অত্যন্ত উৎসাহী৷’ পঞ্জাবৰ বেটছমেনগৰাকীয়ে এইদৰে কয়৷

উল্লেখ্য যে শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাত শুভমনে ৰোহিত শর্মাৰ স্থানত টীম ইণ্ডিয়াৰ ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে৷