মহিলা টেষ্ট ক্ৰিকেটত অনবদ্য অভিলেখ স্মৃতি-ছেফালিৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ জুনঃ ভাৰতৰে চলি আছে দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচৰ শৃংখলা। মহিলা টেষ্ট ক্ৰিকেটত ইতিহাস ৰচনা কৰিছে স্মৃতি মান্ধানা আৰু ছেফালী বাৰ্মাই। ভাৰতীয় দলৰ খেলুৱৈ স্মৃতি আৰু ছেফালীয়ে মহিলা টেষ্টৰ ইতিহাসত ২৫০ ৰানৰো অধিক পাৰ্টনাৰশ্বিপৰ প্ৰথমটো অ’পেনিং যুটি হিচাপে পৰিগণিত হৈছে। চেন্নাইত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত এখন টেষ্ট মেচ অনুষ্ঠিত হৈছে। প্ৰথমে বেটিং কৰি ভাৰতীয় মহিলা দলটোৱে ৫২৫ ৰান সংগ্ৰহ কৰে। টীম ইণ্ডিয়াৰ হৈ অ’পেন কৰিবলৈ আহিছিল ছেফালী বাৰ্মা আৰু স্মৃতি মান্ধানা। স্মৃতি আৰু ছেফালীৰ যুটিয়ে ইতিহাসৰ সৃষ্টি কৰিছে। মহিলা ক্ৰিকেটত ২৫০ ৰানৰো অধিক ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তোলা প্ৰথম যুটি হিচাপে পৰিগণিত হৈছে ছেফালী আৰু স্মৃতিৰ যুটি। এই কৃতিত্ব আগতে কেতিয়াও হোৱা নাছিল। টেষ্ট কেৰিয়াৰৰ প্ৰথম শতক অৰ্জন কৰিছে ছেফালীয়ে।

Featured