হাস্পতালৰ পৰা ঘৰ অভিমুখে সৌৰভ গাংগুলী

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰীঃ ঘৰলৈ উভতিল প্ৰাক্তন ক্ৰিকেটাৰ তথা বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলী। আজি উডলেণ্ড হাস্পতালৰ পৰা ঘৰ অভিমুখে আহিবলৈ অনুমতি দিয়া হয় ক্ৰিকেটাৰগৰাকীক।

যোৱা ২ জানুৱাৰীত সাধাৰণ হাৰ্ট এটাকৰ বাবে হাস্পতালখনত ভৰ্তি হৈছিল তেওঁ। হাস্পতালৰ পৰা ঘৰলৈ অহাৰ সময়ত ক্ৰিকেটাৰগৰাকীয়ে কয়- ‘মই এতিয়া সম্পূৰ্ণ সুস্থ। আশা ৰাখিছো সোনকালে কৰ্মলৈ উভতিব পাৰিম।’

হাস্পতালৰ ডাক্তৰ, নাৰ্ছ তথা কৰ্মচাৰীৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে গাংগুলীয়ে। এতিয়া দুসপ্তাহৰ বাবে বেহালাৰ ঘৰতে থাকিব বুলি জানিব পৰা গৈছে ক্ৰিকেটাৰগৰাকী।