চেন্নাইত আজি ছানৰাইজার্ছ হায়দৰাবাদৰে যুঁজ নাইট ৰাইডার্ছৰ

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ বিগত বর্ষৰ অপ্রত্যাশিত ব্যর্থতা পাহৰি প্রাক্তন চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছে আজি আই পি এলত অভিযান আৰম্ভ কৰিব৷ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত ইয়ন মৰগান নেতৃত্বাধীন দলটোৰ প্রতিদ্বন্দ্বী হ’ব ছানৰাইজার্ছ হায়দৰাবাদ৷ যোৱাবাৰ আই পি এলৰ মাজভাগত দীনেশ কার্তিকৰ পৰা নেতৃত্বৰ দায়িত্ব লাভ কৰা মৰগানে এইবাৰ নিয়মীয়া অধিনায়ক হিচাপে প্রথমবাৰৰ বাবে কলকাতাক নেতৃত্ব দিব৷ ইংলেণ্ডৰ বিশ্বকাপ বিজয়ী দলৰ অধিনায়কগৰাকীৰ নেতৃত্বশৈলী সকলোৰে নজৰত থাকিব৷

ইফালে, উদীয়মান তাৰকা শুভমন গীল, ৰাহুল ত্রিপাঠী, নীতিশ ৰাণা আৰু অভিজ্ঞ মিডল অর্ডাৰ বেটছমেন দীনেশ কার্তিকে এইবাৰো কলকাতা নাইট ৰাইডার্ছৰ বেটিং বিভাগৰ দায়িত্ব চম্ভালিব৷ ইনিংছৰ শেষৰফালে ৰানৰ জোৱাৰ তুলিবলৈ উইকেটলৈ আহিব কেৰিবিয়ান তাৰকা আন্দ্রে ৰাছেল৷ যোৱাবাৰৰ আই পি এলত শোচনীয় প্রদর্শনেৰে কে কে আৰক বিপদত পেলোৱা ৰাছেলে এইবাৰ চমক সৃষ্টিৰ লক্ষ্যৰে খেলপথাৰত নামিব৷

ইফালে, যোৱাবাৰ কোৱালিফায়াৰত দিল্লী কেপিটেলছৰ হাতত পৰাস্ত হৈ অভিযান সামৰা ছানৰাইজার্ছ হায়দৰাবাদে ডেভিদ ৱার্নাৰ আৰু জ’নী বেয়াৰষ্ট’ৰ শক্তিশালী অ’পেনিং যুটিক লৈ আত্মবিশ্বাসী৷ কেন উইলিয়ামছন, মনীষ পাণ্ডেও দলটোৰ বেটিং বিভাগৰ অন্যতম ভৰসা হ’ব৷ বলিঙত ভুবনেশ্বৰ কুমাৰৰ প্রত্যাৱর্তনে ছানৰাইজার্ছৰ শক্তি বৃদ্ধি কৰিব৷ টি নটৰাজন আৰু ৰশ্বিদ খানো সুন্দৰ ফর্মত আছে৷

খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷