ভাৰতৰ তন্ময়ৰ বিশ্বাভিলেখ : প্রথম শ্রেণীৰ ক্রিকেটত দ্রুত ত্রিশতক

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ জানুৱাৰীঃ ভাৰতৰ প্রতিভাৱান বেটাৰ তন্ময় আগৰৱালাই বিশ্ব অভিলেখ গঢ়িলে৷ প্রথম শ্রেণীৰ ক্রিকেটত দ্রুতগতিত ত্রিশতক অর্জন কৰি বিশ্ব অভিলেখটো গঢ়ে হায়দৰাবাদৰ বেটাৰগৰাকীয়ে৷ চলিত ছিজনৰ ৰঞ্জি ট্রফীৰ অৰুণাচলৰ বিপক্ষে খেলা মেচখনত হায়দৰাবাদক প্রতিনিধিত্ব কৰা তন্ময় আগৰৱালাই মাত্র ১৪৭টা বলত ত্রিশতক অর্জন কৰে আৰু প্রথম শ্রেণীৰ ক্রিকেটত এইটোৱেই হ’ল দ্রুত ত্রিশতক৷ তন্ময়ৰ পূর্বে এই অভিলেখটো মার্কো মাৰেইছৰ হাতত আছিল৷ ২০১৭ চনত ইষ্টার্ন প্রভিন্সৰ বিৰুদ্ধে সীমান্ত দলৰ হৈ ১৯১টা বলত ত্রিশতক অর্জন কৰিছিল৷ মন কৰিবলগীয়া যে কোনো বেটাৰে ১৫০টা বলত ত্রিশতক অর্জন কৰা নাই৷ কিন্তু তন্ময়ে সেই নজিৰ গঢ়িলে৷ প্রথম শ্রেণীৰ ক্রিকেট প্রথমবাৰৰ বাবে ১৭৭২ চনত খেলা হৈছিল৷ তন্ময়ৰ এই অভিলেখ ২৫২ বছৰৰ ইতিহাসত এয়াই প্রথম৷ মেচখনত ১৬০ বলত অপৰাজিতভাৱে ৩৬০ ৰান কৰা তন্ময়ে টীম ইণ্ডিয়াৰ প্রাক্তন বিস্ফোৰক অ’পেনাৰ বীৰেন্দ্র সেহৱাগৰ অভিলেখো ভংগ কৰে৷ ২০০৯ চনত সেহৱাগে শ্রীলংকাৰ বিৰুদ্ধে এদিনতে ২৮৪ ৰান সংগ্রহ কৰিছিল৷ শুকুৰবাৰে সেই নজিৰ ভংগ কৰিলে হায়দৰাবাদৰ প্রতিভাৱান বেটাৰগৰাকীয়ে৷ তন্ময়ে এদিনতে ৩২৩ ৰান সংগ্রহ কৰে৷ তন্ময়ৰ বিস্ফোৰক ইনিংছটোত আছিল ২১টা ছয় আৰু ৩৩টা চাৰি৷ তন্ময়ৰ এই বিধ্বংসী ইনিংছৰ সহায়ত হায়দৰাবাদে মাত্র ৪৮ অ’ভাৰত এটা উইকেট হেৰুৱাই ৫২৯ ৰান সংগ্রহ কৰে৷ মেচখনত প্রথমে বেটিং কৰি অৰুণাচলে ১৭২ ৰানতে প্রথম ইনিংছ সামৰিছিল৷ মন কৰিবলগীয়া যে শুকুৰবাৰে অৰুণাচল আৰু হায়দৰাবাদৰ ইনিংছত এদিনত মুঠ ৭০১ ৰান সংগ্রহ হৈছিল৷ প্রথম শ্রেণীৰ ক্রিকেটত ই দ্বিতীয় সর্বোচ্চ ৰান৷ ১৯৪৮ চনত এছেক্স আৰু দ্য অষ্ট্রেলিয়ানৰ মাজত অনুষ্ঠিত মেচখনৰ প্রথম দিনা ৭২১ ৰান সংগ্রহ হৈছিল আৰু প্রথম শ্রেণীৰ ক্রিকেটত এইটোৱে হ’ল সর্বোচ্চ ৰান৷

Featured