বিশ্বকাপ বিজয়সূত্ৰে টীম ইণ্ডিয়াৰ জাৰ্ছীত দুটাকৈ বিজয় ষ্টাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জুনঃ ভাৰতে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছে। ফাইনেলত ৰোহিত শৰ্মাৰ অধিনায়কত্বত টীম ইণ্ডিয়াই দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে। এই জয়ৰ পাছত দ্বিতীয়টো ষ্টাৰ (তৰা)ক টীম ইণ্ডিয়াৰ জাৰ্চীত স্থান দিয়া হৈছে। ইয়াৰ আগতে মাত্ৰ এটা তৰা আছিল। এই প্ৰশ্নটো নিশ্চয় অনুৰাগীৰ মনত থাকিব যে দ্বিতীয় ষ্টাৰক টীম ইণ্ডিয়াৰ জাৰ্চীত কেনেকৈ স্থান দিয়া হ’ল আৰু কিয় স্থান দিয়া হ’ল। আচলতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰতিটো ফৰ্মেটৰ বাবে বেলেগ বেলেগ জাৰ্চী থাকে। এই জাৰ্চীটোত ৰখা তৰাৰ সংখ্যা সেই ফৰ্মেটৰ সৈতে জড়িত দলসমূহে লাভ কৰা ট্ৰফীৰ সংখ্যাৰ সমান। ভাৰতত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ল’গ’ টীম ইণ্ডিয়াৰ জাৰ্চীত আছে। এই ল’গ’টোৰ ঠিক ওপৰত এতিয়া ষ্টাৰ লিখা হৈছে। ভাৰতে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছে। ইয়াৰ পূৰ্বে ২০০৭ চনত মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্বত টীম ইণ্ডিয়াই ট্ৰফী লাভ কৰিছিল। ভাৰতে এইপৰ্যন্ত দুবাৰকৈ টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছে। ইংলেণ্ড ক্ৰিকেট দলেও এই প্ৰতিযোগিতাত দুবাৰকৈ জয়লাভ কৰিছে। তেওঁলোকৰ জাৰ্চীতো দুটা তৰা আছে। ৱেষ্ট ইণ্ডিজেও দুবাৰকৈ খিতাপ দখল কৰিছে। শ্ৰীলংকা আৰু পাকিস্তানে এবাৰকৈ ফাইনেলত জয়লাভ কৰিছে। উল্লেখ্য যে এইবাৰ টি-২০ বিশ্বকাপত ভাৰতে এখনো মেচত পৰাস্ত হোৱা নাছিল। ছেমিফাইনেলত ইংলেণ্ডক ৬৮ ৰানত পৰাস্ত কৰিছিল। ইয়াৰ পিছত ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ছুপাৰ ৮ৰ এখন মেচত অষ্ট্ৰেলিয়া ২৪ ৰানত পৰাস্ত হৈছিল।

Featured