নিউজিলেণ্ডৰে টেষ্ট শৃংখলালৈ সাজু টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা ২৪ নৱেম্বৰঃ টি–২০ শৃংখলাত নিউজিলেণ্ডক হোৱাইট ৱাশ্ব কৰি আত্মবিশ্বাসী হৈ থকা টীম ইণ্ডিয়া এইবাৰ টেষ্ট শৃংখলালৈ সাজু হৈছে৷ অহা বৃহস্পতিবাৰৰ পৰা কানপুৰত দলটো প্রথম টেষ্টত অৱতীর্ণ হ’ব৷ নিয়মীয়া অধিনায়ক বিৰাট কোহলি, তাৰকা অ’পেনাৰ ৰোহিত শর্মা, তাৰকা উইকেটৰক্ষক ঋষভ পণ্ট, তাৰকা বেগী বলাৰ যশপ্রীত বুমৰাহৰ অনুপস্থিতিত টেষ্ট শৃংখলাটো উদীয়মান খেলুৱৈসকলৰ বাবে সুৱর্ণ সুযোগ হিচাপে পৰিগণিত হৈছে৷

ইফালে, চলিত বর্ষৰ জুনত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত নিউজিলেণ্ডৰ হাতত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱা টীম ইণ্ডিয়াই এইবাৰ কেন উইলিয়ামছন বাহিনীৰ বিৰুদ্ধে প্রতিশোধ পূৰণৰ সুৱর্ণ সুযোগ লাভ কৰিছে৷ নৱনিযুক্ত প্রশিক্ষক ৰাহুল দ্রাবিড়ৰ বাবেও শৃংখলাটো অত্যন্ত গুৰুত্বপূর্ণ হ’ব৷ টি–২০ৰ নতুন অধিনায়ক ৰোহিত শর্মাৰ সৈতে দ্রাবিড়ে চমকপ্রদ জয়েৰে যাত্রা আৰম্ভ কৰিছে যদিও টেষ্ট শৃংখলাত টীম ইণ্ডিয়া প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে৷ কিয়নো, টেষ্ট শৃংখলাত কিৱি দলটোলৈ উভতি আহিছে অধিনায়ক উইলিয়ামছন আৰু অভিজ্ঞ মিডল অর্ডাৰ বেটছমেন ৰ’ছ টেইলৰ৷ মিচেল ছাণ্টনাৰ, উইল ছমাৰভিলে আৰু আজাজ পেটেলৰ দৰে স্পিনাৰে ভাৰতৰ স্পিনসহায়ক উইকেটত ঘৰুৱা দলটোৰ অনভিজ্ঞ বেটছমেনসকলক বিপদত পেলাব পাৰে৷

উল্লেখ্য যে কোহলি, ৰোহিত, লোকেশ ৰাহুল আৰু ঋষভ পণ্টৰ অনুপস্থিতিত শ্রেয়াছ আয়াৰ, সূর্য কুমাৰ যাদৱ, শুভমন গিল আৰু মায়ংক আগৰৱালৰ দৰে নৱাগত খেলুৱৈয়ে ভাৰতীয় দলৰ বেটিং বিভাগৰ দায়িত্ব চম্ভালিব লাগিব৷ অভিজ্ঞ তাৰকা আজিংক্য ৰাহানে আৰু শ্বেটেশ্বৰ পূজাৰাৰ ওপৰত টীম ইণ্ডিয়া অধিক নির্ভৰশীল হ’ব৷ কোহলিয়ে প্রথম টেষ্টৰ পৰা আৰু ৰোহিত, পণ্টে শৃংখলাৰ পৰা বিশ্রাম লোৱাৰ বিপৰীতে লোকেশ ৰাহুল আঘাতৰ বাবে শৃংখলাৰ পৰা বাহিৰ হৈছে৷