আজিৰ পৰা একাদশ আই এছ এল

🔹 আশীর্বাদ–সঁহাৰি বিচাৰিছে নর্থ–ইষ্ট ইউনাইটেডে

নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : প্রথমবাৰৰ বাবে ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবলৰ খিতাপ জয় কৰি নতুন ছিজনৰ আৰম্ভণি কৰা নর্থ–ইষ্ট ইউনাইটেড এফ চিয়ে আজিৰ পৰা আৰম্ভ হ’ব লগা ইণ্ডিয়ান ছুপাৰ লীগতো সুন্দৰ প্রদর্শন কৰাৰ বাবে সাজু হৈছে৷ লীগত প্রত্যাশিত সফলতা লাভ কৰিবলৈ দলটোৱে অনুৰাগীৰ আশীর্বাদ বিচাৰিছে৷ একাদশ আই এছ এলত নিজৰ প্রথম মেচ খেলিবলৈ কলকাতালৈ যোৱাৰ পূর্বে গুৱাহাটীত হোৱা সংবাদ মেলত নর্থ–ইষ্টৰ মুখ্য প্রশিক্ষক জুৱান পেড্র’ বেনালিয়ে কয়- ‘এটা ফুটবল ক্লাবক জীৱন্ত কৰি ৰখাত সমর্থকৰ বহু অৰিহণা আছে৷ আমি উত্তৰ–পূবৰ ফুটবলপ্রেমীৰ পৰা মৰম আৰু সমর্থন বিচাৰিছোঁ৷ ডুৰাণ্ড কাপ জয়েৰে ছিজন আৰম্ভ কৰি আমি উৎসাহিত৷ আমি আশাবাদী লীগতো ভাল প্রদর্শন কৰিম৷’ উল্লেখ্য যে নর্থ–ইষ্ট ইউনাইটেডে একাদশসংখ্যক আই এছ এলত লীগৰ প্রথমখন মেচ ১৬ ছেপ্টেম্বৰত কলকাতাৰ কিশোৰ ভাৰতী ক্রীডাংগনত আই লীগৰ চেম্পিয়ন মহমেদান স্প’র্টিং ক্লাবৰ বিৰুদ্ধে খেলিব৷ আনহাতে, গুৱাহাটীত নর্থ–ইষ্টে প্রথমখন মেচ ২৯ ছেপ্টেম্বৰত খেলিব৷ প্রতিদ্বন্দ্বী হ’ব কেৰালা ব্লাষ্টার্ছ এফ চি৷ ইফালে, সংবাদ মেলত উপস্থিত থকা নর্থ–ইষ্ট ইউনাইটেডৰ যুৱ তাৰকা অসম সন্তান পার্থিৱ গগৈয়ে অনুৰাগীক দলৰ প্রতি আস্থা ৰখাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে অপৰাজেয় হৈ ডুৰাণ্ড কাপ লাভ কৰি দলে প্রথমবাৰৰ বাবে সমর্থকক গৌৰৱ দিয়া বিষয়ক লৈ সন্তুষ্টি ব্যক্ত কৰে৷ ‘ডুৰাণ্ড কাপৰ প্রতিখন মেচে আমি হাজাৰ হাজাৰ ফুটবলপ্রেমীৰ সন্মুখত খেলিছোঁ৷ আই এছ এলতো আমি অনুৰাগীৰ এনে সমর্থন গুৱাহাটীত বিচাৰিছোঁ৷’ উল্লেখ্য যে আজিৰ পৰা আৰম্ভ হ’ব একাদশ আইএছএল৷ কলকাতাৰ উদ্বোধনী মেচত মুখামুখি হ’ব বিগত বর্ষৰ লীগৰ খিতাপ জয় কৰা মোহন বাগান ছুপাৰ জায়েণ্ট আৰু চেম্পিয়ন ট্ৰফী লাভ কৰা মুম্বাই চিটী এফচি৷ বিবেকানন্দ যুৱ ভাৰতী ক্রীডাংগনত নিশা ৭.৩০ বজাত এই মেচখন অনুষ্ঠিত হ’ব৷

Featured