১৮ ফেব্রুৱাৰীত আই পি এলৰ নিলাম

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ চলিত বর্ষৰ আই পি এলৰ বাবে খেলুৱৈৰ নিলাম অনুষ্ঠান অহা ১৮ ফেব্রুৱাৰীত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ বি চি চি আইৰ এক সূত্রই আজি এই কথা সদৰী কৰিছে৷ অৱশ্যে নিলামৰ স্থান এইপর্যন্ত চূড়ান্ত হোৱা নাই৷ উল্লেখ্য যে যোৱা ২০ জানুৱাৰীত আই পি এলৰ খেলুৱৈৰ ৰিটেনচনৰ অন্তিম সময়সীমা পাৰ হৈছে আৰু ৪ ফেব্রুৱাৰীলৈ খেলুৱৈৰ ট্রেডিং উইণ্ডো মুকলি থাকিব৷ ইয়াৰ পিছতে ১৮ ফেব্রুৱাৰীত নিলাম অনুষ্ঠিত হ’ব৷

অৱশ্যে বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতাখনৰ স্থান এই পর্যন্ত চূড়ান্ত হোৱা নাই৷ ব’ডৰ মুৰব্বী সৌৰভ গাংগুলীয়ে আগন্তুক আই পি এল ভাৰতৰ মাটিত আয়োজন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাব বুলি ইতিমধ্যে ঘোষণা কৰিছে৷

মন কৰিবলগীয়া যে মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ বাবে বিগত বর্ষৰ আই পি এল যথেষ্ট পলমকৈ যোৱা ছেপ্ঢেম্বৰ–নৱেম্বৰ ইউ এ ইত আয়োজন কৰা হৈছিল৷