চেন্নাইত বহু প্ৰতীক্ষিত আইপিএলৰ আজি ফাইনেল

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মে’ : প্রতীক্ষাৰ অন্ত৷ প্রায় দুমাহ ধৰি চলা ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি-২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ সপ্তদশ সংস্কৰণৰ আজি শ্রেষ্ঠতাৰ যুঁজ৷ চেন্নাইত আজি নিশা ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত অৱতীর্ণ হ’ব দুই প্রাক্তন চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছ আৰু ছানৰাইজার্ছ হায়দৰাবাদ৷ মন কৰিবলগীয়া যে দুয়োটা দলে ইতিমধ্যে দুবাৰকৈ প্রতিযোগিতাখনৰ খিতাপ জয় কৰিছে৷ ফাইনেল মেচখন তীব্র প্রতিদ্বন্দ্বিতামূলক হৈ উঠাটো নিশ্চিত৷ কাৰণ শ্রেষ্ঠ দল হিচাপে দুয়োটা দলে ফাইনেলত পদার্পণ কৰিছে৷ চলিত প্রতিযোগিতাখনত ইটোৰ পিছত সিটো অভিলেখ গঢ়া ছানৰাইজার্ছে ফাইনেলতো দুর্দান্ত প্রদর্শন কৰাৰ লক্ষ্য লৈছে৷ অৱশ্যে প্রতিদ্বন্দ্বী নাইট ৰাইডার্ছো সমানে শক্তিশালী৷ বেটিং–বলিং উভয়তে কলকাতাই দুর্দান্ত প্রদর্শন দাঙি খিতাপ যুঁজলৈ উন্নীত হৈছে৷ অৱশ্যে কাইলৈ ছানৰাইজার্ছে কলকাতাৰ বিৰুদ্ধে প্রতিশোধ লোৱাৰ সুবর্ণ সুযোগ লাভ কৰিছে৷ কাৰণ প্রথমখন কোৱালিফায়াৰত কলকাতাৰ হাতত পৰাস্ত হৈছিল হায়দৰাবাদ৷ সুদীর্ঘ ১০ বছৰীয়া অপেক্ষাৰ অন্ত পেলোৱাৰ বাবে সাজু হৈছে শ্রেয়াছ আয়াৰ নেতৃত্বাধীন কলকাতাই৷ ২০১২ চনত প্রতিযোগিতাখনৰ প্রথমবাৰ খিতাপ জয় কৰা নাইট ৰাইডার্ছে ২০১৪ চনত অন্তিমবাৰ চেম্পিয়ন হৈছিল৷ ফাইনেলৰ পূর্বে সংবাদ মেল সম্বোধন কৰি কলকাতাৰ অধিনায়ক শ্রেয়াছ আয়াৰে কয় যে নিঃসন্দেহে খিতাপ যুঁজৰ মেচখন কঠিন হ’ব৷ কাৰণ ছানৰাইজার্ছ হায়দৰাবাদ এটা শক্তিশালী দল৷ প্রতিযোগিতাখনত ইতিমধ্যে দলটোৱে কেইবাবাৰো বৃহৎ স্ক’ৰ সংগ্রহ কৰি অভিলেখ ৰচিছে৷ গতিকে আমি বিশেষ ৰণনীতিৰে মেচখনত অৱতীর্ণ হ’ব লাগিব৷ বিপক্ষৰ প্রতিজন খেলুৱৈৰ বাবে আমি বিশেষ ৰণনীতি প্রস্তুত কৰিছোঁ৷ চেম্পিয়ন হ’বলৈ হ’লে আমাৰ প্রতিজন খেলুৱৈয়ে উন্নত প্রদর্শন দাঙি ধৰিব লাগিব৷ আৰম্ভণিৰ পৰাই আমি আক্রমণাত্মক খেল দাঙি ধৰি বিপক্ষক চাপত ৰখাৰ চেষ্টা কৰিম৷ আশা কৰিছোঁ আমাৰ ৰণনীতি ফলপ্রসূ হ’ব আৰু ১০ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই চেম্পিয়নৰ সন্মান আঁজুৰি আনিবলৈ সক্ষম হ’ম৷ ছানৰাইজার্ছ হায়দৰাবাদে ২০১৬ আৰু ২০০৯ চনত চেম্পিয়নৰ সন্মান লাভ কৰিছিল৷ ২০০৯ চনত ডেক্কান ছার্জাছ নামেৰে প্রতিযোগিতাখনত অংশ লৈছিল৷

Featured