৩-৯ ফেব্রুৱাৰীত গুৱাহাটীত ২৩ বছৰ অনূর্ধ্ব ৰাষ্ট্রীয় বাস্কেটবল

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ জুনঃ অসম বাস্কেটবল সংস্থাৰ ৫০ বছৰ পূর্তি উদ্ যাপন কৰাৰ সময়তে আন এক সুখবৰ৷ ২০২৫ বর্ষৰ ৩ ফেব্রুৱাৰীৰ পৰা ৯ ফেব্রুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব ২৩ বছৰ অনূর্ধ্বৰ প্রথম ৰাষ্ট্রীয় বাস্কেটবল চেম্পিয়নশ্বিপ৷ গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে অসম বাস্কেটবল সংস্থাৰ মুখ্য পৃষ্ঠপোষক তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষা তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই৷ তেওঁ সদৰী কৰা অনুসৰি অসম বাস্কেটবল সংস্থাৰ বাবে এয়া ঐতিহাসিক দিন৷ ২৫ বছৰ পিছত সংস্থাই ২৩ বছৰ অনূর্ধ্বৰ ৰাষ্ট্রীয় চেম্পিয়নশ্বিপ আয়োজন কৰাৰ সুযোগ লাভ কৰিছে৷ অসম বাস্কেটবল সংস্থাক আগবঢ়াই নিয়াৰ প্রয়াস অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি তেওঁ কয় যে গ্রাম্য অসমৰ পৰা প্রতিভাসমূহক উলিয়াই আনি ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় পর্যায়ত প্রদর্শন কৰাৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ যি সপোন, সেয়া পূৰণ কৰাৰ প্রয়াসেৰে অসম বাস্কেটবল সংস্থাক এখোজ এখোজকৈ আগবঢ়াই নিয়া হৈছে৷ ইফালে, একেখন সংবাদ মেলতে বাস্কেটবল সংস্থাৰ সভাপতি, প্রাক্তন বিধায়ক তথা প্রাক্তন সাংসদ পল্লৱলোচন দাসে আগন্তুক সময়ত আয়োজন কৰিবলগীয়া কেইবাটাও প্রতিযোগিতাৰ বিষয়ে উল্লেখ কৰে৷ দাসে প্রকাশ কৰা অনুসৰি অহা ৬ জুলাইৰ পৰা ৯ জুলাইলৈ কোকৰাঝাৰত ১৯ বছৰ অনূর্ধ্বৰ আৰু ১৭ বছৰ অনূর্ধ্বৰ আন্তঃজিলা বাস্কেটবল চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব৷ তদুপৰি ১২ জুলাইৰ পৰা ১৪ জুলাইলৈ নগাঁৱত খেলো ইণ্ডিয়া মহিলা লীগ চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব৷ এনে প্রতিযোগিতাসমূহৰ পৰা অসমৰ বহু প্রতিভাৱান খেলুৱৈ বাছনি কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ প্রকাশ কৰে৷ আনহাতে অহা ৩ৰ পৰা ৯ ফেব্রুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া ২৩ বছৰ অনূর্ধ্বৰ প্রথম ৰাষ্ট্রীয় বাস্কেটবল চেম্পিয়নশ্বিপত প্রায় ৩০টা পুৰুষ আৰু মহিলাৰ দলে অংশগ্রহণ কৰিব বুলিও দাসে সদৰী কৰে৷ তেওঁ কয়– ‘পুৰুষ আৰু মহিলাৰ ৩০টা দলৰ উপৰি আন আন বিষয়াসকল চেম্পিয়নশ্বিপৰ সময়ত অসমলৈ আহিব৷ খেলুৱৈ আৰু বিষয়ববীয়াসহ প্রায় ১,২০০ লোক সমৱেত হ’ব৷ তেওঁলোকক আমি আপ্যায়ন কৰিব লাগিব৷ এই ক্ষেত্রত আমি এটা মান আৰু সূচক নির্ধাৰণ কৰিব বিচাৰিছোঁ, যাতে অসমৰ মান সর্বভাৰতীয় পর্যায়ত অনুভৱ কৰিব পাৰে৷’

Featured