নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ হিন্দু ধর্মাৱলম্বী লোকে ব্যাপক উলহ–মালহেৰে উদযাপন কৰা কালী পূজাত অংশ লৈ বিপদত পৰিছে বাংলাদেশৰ ক্রিকেটাৰ ছাকিব অল হাছান৷ যোৱা ১২ নৱেম্বৰত কলকাতাৰ কাকুৰগাছি অঞ্চলত এখন কালী পূজাত অংশ লোৱাৰ বাবে তাৰকা ক্রিকেটাৰগৰাকীক হত্যাৰ ভাবুকি দিছে এজন কট্টৰপন্থী মুছলিম যুৱকে৷ হিন্দু ধর্মানুষ্ঠানত অংশ লৈ ছাকিবে মুছলমানসকলক অপমান কৰা বুলি অভিযোগ তুলি যুৱকজনে ফেচবুকত ছাকিব অল হাছানক মৃত্যুৰ ভাবুকি দিয়ে৷ মহছিন তালুকদাৰ নামৰ চিলেটৰ যুৱকজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷
ইফালে, কালী পূজাত অংশ লোৱাৰ বাবে বিতর্কৰ সৃষ্টি হোৱাত বাংলাদেশৰ ক্রিকেটাৰগৰাকীয়ে কৈছে যে আয়োজক মণ্ডলীৰ অনুৰোধ ৰক্ষা কৰি তেওঁ অনুষ্ঠানটোত অংশ লৈছিল৷ ‘একাংশই অভিযোগ তোলা অনুসৰি মই কালী পূজাৰ অনুষ্ঠানটো উদ্বোধন কৰা নাছিলোঁ৷ মই অনুষ্ঠানত উপস্থিত হোৱাৰ পূর্বেই পশ্চিমবংগৰ এগৰাকী মন্ত্রীয়ে পূজাভাগ উদ্বোধন কৰিছিল৷
আয়োজকমণ্ডলীৰ আমন্ত্রণ ৰক্ষা কৰি মই মাথোঁ পূজা মণ্ডপত উপস্থিত হৈছিলোঁ৷ ইয়াৰ জৰিয়তে মই মুছলিম ধর্মক অপমান কৰিব বিচৰা নাই৷ মোৰ এই কার্যই যদিহে কাৰোবাৰ ধর্মীয় আৱেগত আঘাত হানিছে, তেন্তে মই ক্ষমাপ্রার্থী৷ মই আশা কৰোঁ যে সকলো ধর্মৰ লোকে সমাজত শান্তি–সম্প্রীতিৰে বাস কৰা উচিত৷’ ছাকিবে এইদৰে কয়৷ মন কৰিবলগীয়া যে যোৱা মাহত ক্রিকেটাৰগৰাকীৰ দুবছৰীয়া নিলম্বনৰ ম্যাদৰ অন্ত পৰিছে৷