ভাৰত-পাক মেচৰ টিকট ১৭ লাখত বিক্রী : ললিত মোদীৰ অভিযোগ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ মে’ : বিগত টি-২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে পৰাজিত হৈছিল পাকিস্তান৷ মেলব’ৰ্নত অনুষ্ঠিত সেই মেচখনত দর্শক আছিল এক লাখ৷ এইবাৰো ভাৰত পাকিস্তান মেচক লৈ অনুৰাগীৰ আগ্রহ আছে তুংগত৷ সেই মেচখনৰ টিকটৰ দামক লৈ অভিযোগ কৰিছে ললিত মোদীয়ে৷ টি-২০ বিশ্বকাপত ৯ জুনত মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান৷ একেটা গ্রুপত আছে দল দুটা৷ সেই মেচৰ টিকটৰ দামক লৈয়ে অভিযোগ কৰিছে ললিত মোদীয়ে৷ এইবাৰ টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব আমেৰিকাত৷ আইপিএলৰ প্রাক্তন কর্মকর্তাগৰাকীয়ে সামাজিক মাধ্যমত লিখিছে– আচৰিত হ’বলগীয়া এই যে আইচিচিয়ে ভাৰত–পাকিস্তান মেচৰ টিকট বিক্রী কৰিছে ২০ হাজাৰ ডলাৰত (প্রায় ১৭ লাখ টকা)৷ ক্রিকেটৰ প্রসাৰৰ বাবে আৰু সমর্থকসকলক আনন্দিত কৰাৰ বাবেহে এইবাৰৰ টি-২০ বিশ্বকাপ অনুষ্ঠিত কৰা হৈছে আমেৰিকাত৷ টিকট বিক্রী কৰি অধিক ধন উপার্জন কৰাৰ বাবে প্রতিযোগিতা অনুষ্ঠিত কৰা হোৱা নাই৷ উল্লেখ্য যে আমেৰিকাৰ সংবাদ মাধ্যমত প্রকাশ পোৱা মতে, ভাৰত–পাকিস্তান মেচৰ টিকট দ্বিগুণ দামত বিক্রী কৰা হৈছে৷ কিছুমান টিকটৰ দামে এক কোটি ছুইছে৷ সেই খবৰ পোহৰলৈ অহাৰ পিছতেই মোদীয়ে এই মন্তব্য কৰিছে৷

Featured