২ জুনৰ পৰা টি–২০ বিশ্বকাপ : নিউয়র্কত অনুশীলন আৰম্ভ টীম ইণ্ডিয়াৰ

🔹 দলত যোগদান কৰিলে সহঃ অধিনায়ক হার্দিক পাণ্ডিয়াই

বিশেষ বাৰ্তা, ৩০ মে’ : বিবাহ বিচ্ছেদক লৈ চলি থকা জল্পনা–কল্পনাৰ মাজতে নিউয়র্কত ভাৰতীয় দলত যোগদান কৰিলে সহঃ অধিনায়ক হার্দিক পাণ্ডিয়াই৷ লণ্ডনত অৱসৰ বিনোদন কটাই হার্দিকে লণ্ডনৰ পৰা পোনে পোনে নিউয়র্কলৈ ৰাওনা হয়৷ অহা ২ জুনৰ পৰা ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত যুটীয়াভাৱে অনুষ্ঠিত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপৰ বাবে প্রস্তুতি আৰম্ভ কৰিলে ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই৷ অৱশ্যে তাৰকা বেটাৰ বিৰাট কোহলি অবিহনে ভাৰতীয় দলটোৱে মঙলবাৰে প্রথমবাৰৰ বাবে অনুশীলনত নামে৷ ভাৰতীয় দলটোৰ অনুশীলনৰ ছবি ছ’চিয়েল মিডিয়াত আপলোড কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ হার্দিক পাণ্ডিয়াৰ লগতে তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহ, তাৰকা অলৰাউণ্ডাৰ সূর্য কুমাৰ যাদৱ, শুভমন গিল আৰু শিৱম ডুবেকো অনুশীলন কৰা দেখা গৈছে৷ অৱশ্যে কোহলিয়ে শনিবাৰে বাংলাদেশৰ বিপক্ষে খেলিবলগীয়া প্রস্তুতিমূলক মেচখনত অংশগ্রহণ কৰাৰ সম্ভাৱনা ক্ষীণ৷ ৫ জুনত টীম ইণ্ডিয়াই আয়াৰলেণ্ডৰ বিপক্ষে খেলি টি–২০ বিশ্বকাপত অভিযান আৰম্ভ কৰিব৷ মন কৰিবলগীয়া যে অধিনায়ক ৰোহিত শর্মাসহিতে বুমৰাহ, ৰবীন্দ্র জাদেজা, সূর্য কুমাৰ, ঋষভ পণ্টকে ধৰি আন কেইজনমান খেলুৱৈ দেওবাৰে নিউয়র্কত উপস্থিত হৈছিল৷

Featured