টি–২০ বিশ্বকাপ : ভাৰত–পাকৰ মেচত থাকিব শচীন

বিশেষ বাৰ্তা, ৩০ মে’ : ২ জুনৰ পৰা বিশ্বৰ শক্তিধৰ দেশ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত যুটীয়াভাৱে অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপৰ ৯ জুনত হ’বলগীয়া হাইভ’ল্টেজ মেচখনত মুখামুখি হ’ব ভাৰত–পাকিস্তান৷ নিউয়র্কত অনুষ্ঠিত হ’বলগীয়া এই মেচখনত ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়াক সহায় কৰিবলৈ উপস্থিত থাকিব কিংবদন্তি শচীন তেণ্ডুলকাৰ৷ আন্তঃৰাষ্ট্রীয় ক্রিকেট পৰিষদে এই কথা ঘোষণা কৰিছে৷ প্রতিযোগিতাখনৰ এটা পৃষ্ঠপোষক সংস্থা আই চি চিৰ বাণিজ্যিক এম্বেচাডৰ শচীন তেণ্ডুলকাৰ৷ সংস্থাটোৰ অনুৰোধমর্মে টীম ইণ্ডিয়াৰ প্রাক্তন তাৰকা খেলুৱৈ তেণ্ডুলকাৰে টি–২০ বিশ্বকাপৰ বহু প্রতীক্ষিত ভাৰত–পাকিস্তানৰ মেচখনত অংশগ্রহণ কৰিব৷ মেচখন নিউয়র্কৰ নাছাড কাউণ্টি খেলপথাৰত অনুষ্ঠিত হ’ব৷ খেলপথাৰখনৰ আকাৰ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামৰ সমান৷ আইচিচিৰ এজন বিষয়াই কয় যে সকলো ঠিকে থাকিলে শচীনে ভাৰত–পাকৰ খেলখন গেলাৰীত বহি উপভোগ কৰিব৷ তেওঁৰ উপস্থিতিয়ে ভাৰতীয় দলটোৰ আত্মবিশ্বাস বৃদ্ধি কৰি তুলিব৷ অৱশ্যে খেলৰ পূর্বে তেণ্ডুলকাৰে ভাৰতীয় দলক সাক্ষাৎ কৰিব নে নকৰে, সেয়া নিশ্চিত হোৱা নাই৷

Featured