টি–২০ বিশ্বকাপ : জার্ছী মুকলি টীম ইণ্ডিয়াৰ

বিশেষ বাৰ্তা, ৭ মে’ : আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপৰ বাবে কালি জার্ছী মুকলি কৰে টীম ইণ্ডিয়াই৷ ইনষ্টাগ্রামত এটা ভিডিঅ’ৰ জৰিয়তে ভাৰতীয় দলটোৰ বিশ্বকাপৰ জার্ছী উন্মোচন কৰা হয়৷ অৱশ্যে ইয়াৰ পূর্বে জার্ছীৰ ছবি ফাদিল হোৱা বুলি দাবী কৰিছে সমর্থকসকলে৷ দেওবাৰৰ পৰা ছ’চিয়েল মিডিয়াত কেইবাখনো ছবি ৰাউণ্ড কৰি আছে, য’ত ভাৰতীয় দলটোৰ জার্ছী এখন বজাৰত ওলমাই ৰখা হৈছে৷ বহুতে দাবী কৰে যে এয়া টীম ইণ্ডিয়াৰ বিশ্বকাপৰ জার্ছী৷ সোমবাৰে মূল জার্ছীটো মুকলি হোৱাৰ লগে লগে দেখা গ’ল যে ভাইৰেল হোৱা জার্ছীটোৰ সৈতে কোনো সাদৃশ্য নাই৷ ইপিনে, বহুতে এই জার্ছীটো ২০১৯ চনৰ বিশ্বকাপৰ জার্ছীৰ মাজত সাদৃশ্য বিচাৰি পাইছে৷ সেইবাৰো এই একেটাই জার্ছীয়েই আছিল৷ কিন্তু ডিজাইনটো অলপ বেলেগ আছিল৷ সোমবাৰে এডিডাছে এটা ভিডিঅ’ শ্বেয়াৰ কৰে, য’ত ভাৰতৰ অধিনায়ক ৰোহিত শর্মা, ৰবীন্দ্র জাদেজা আৰু কুলদীপ যাদৱে টীম ইণ্ডিয়াৰ নতুন টি–২০ জার্ছী কঢ়িয়াই অনা হেলিকপ্টাৰ এখনে ধৰমশালা ষ্টেডিয়ামত ঘূৰি ফুৰিছে৷

Featured