অনুৰাগীৰ ভিৰত হেৰাল হায়দৰাবাদৰ দুই ক্রিকেটাৰ

🔹 শ্বপিং মলৰ ভিডিঅ’ ভাইৰেল : ক্লাছেন–উনাদকাটৰ বিপত্তি

বিশেষ বাৰ্তা, ৬ মে’ : অনুৰাগীৰ ভিৰৰ মাজত হেৰাই গ’ল ছানৰাইজার্ছ হায়দৰাবাদৰ ক্রিকেটাৰ হেনৰিখ ক্লাছেন৷ সতীর্থ জয়দেৱ উনাদকাটৰ সৈতে তেওঁ গৈছিল হায়দৰাবাদৰ এখন শ্বপিং মললৈ৷ তাত ওচৰৰ পৰা প্রত্যক্ষ কৰাৰ বাবে আৱৰি ধৰে সাধাৰণ মানুহে৷ দুয়োজন ক্রিকেটাৰক দেখি কেইমিনিটমানৰ ভিতৰতে বিৰ দি বাট নোপোৱা হয়৷ ফলত ক্লাছেন আৰু উনাদকাটে বজাৰ কৰাৰ আশা বাদ দিয়ে৷ দুজন নিৰাপত্তাৰক্ষী লগত থাকিলেও তেওঁলোকৰ পক্ষে অসংখ্য মানুহক নিয়ন্ত্রণ কৰা অসম্ভৱ হৈ পৰে৷ এটা সময়ত ক্রিকেটাৰ দুজনৰ ওচৰলৈ যাবৰ বাবে ঠেলা–হেঁচা আৰম্ভ হয়৷ সৃষ্টি হয় চৰম বিশৃংখলা ৷ ভালদৰে থিয় হ’ব নোৱাৰা অৱস্থা হয় ক্রিকেটাৰ দুজনৰ৷ অস্বস্তিকৰ পৰিস্থিতিৰ মাজত পৰি মেজাজ হেৰুৱায় দক্ষিণ আফ্রিকাৰ উইকেটৰক্ষক বেটাৰগৰাকীয়ে৷ ক্রিকেট অনুৰাগীসকলক প্রথমতে শান্ত কৰাৰ চেষ্টা চলায় ক্লাছেনে৷ কিন্তু এই কার্যই কোনো কাম নিদিয়াত তেওঁ উত্তেজিত হৈ পৰে৷ কোনোমতে ক্রিকেটাৰ দুজনক শ্বপিং মলৰ পৰা বাহিৰলৈ আনে নিৰাপত্তাৰক্ষীয়ে৷ এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈছে সামাজিক মাধ্যমত৷ এনে পৰিস্থিতিত আঘাতপ্রাপ্ত হোৱাৰ শংকাও আছিল ক্লাছেনহঁতৰ৷ এতিয়া ক্রিকেটাৰৰ নিৰাপত্তাক লৈও প্রশ্ণ উত্থাপন হৈছে৷

Featured