অলিম্পিকত পদক বাতিলৰ বাবে ভিনেশ ফ’গাট দায়ী

🔹 কি আছে আন্তঃৰাষ্ট্রীয় ন্যায়ালয়ৰ ২৪ পৃষ্ঠাৰ প্রতিবেদনত ?

নিউজ ডেস্ক, ২১ আগষ্ট : পদক নোপোৱাৰ বাবে দায়ী ভিনেশ ফ’গাট৷ ভাৰতৰ তাৰকা মল্লযুঁজাৰুগৰাকীয়ে নিজৰ শৰীৰৰ ওজন বৃদ্ধি নকৰাৰ ওপৰত চকু ৰাখিব লাগিছিল৷ প্রতিজন খেলুৱৈয়ে নির্দিষ্ট ওজনৰ সীমাৰ ভিতৰত থাকিব লাগিব৷ কোনোধৰণে উচ্চ সীমা উলংঘা কৰিব নোৱাৰিব৷ কোনো কাৰণতে কাকো ৰেহাই দিব নোৱাৰি৷ ক্রীড়া ক্ষেত্রৰ সর্বোচ্চ আদালত ক’ৰ্ট অৱ আর্বিট্রেছন ফ’ৰ স্প’র্টে (চিএএছ) এই কথা সদৰী কৰিছে৷ ১৪ আগষ্টত নাকচ কৰা হৈছিল ভিনেশৰ আবেদন৷ সোমবাৰে ক্রীড়া আদালতে ২৪ পৃষ্ঠাৰ প্রতিবেদন দাখিল কৰে৷ ইয়াত বিশদভাৱে ব্যাখ্যা কৰা হৈছে যে কিয় ভিনেশ ফ’গাটে পদক হেৰুৱালে৷ চিএএছৰ ৰিপ’ৰ্ট অনুসৰি এইক্ষেত্রত ভিনেশ ফ’গাটৰ ওজন অতিৰিক্ত আছিল৷ চিএএছে যুক্তি আগবঢ়ায়- ভিনেশ ফ’গাট এজন অভিজ্ঞ মল্লযুঁজাৰু৷ নিয়মৰ বিষয়ে তেওঁ সচেতন হ’ব লাগিছিল৷ তেওঁ ওজনৰ বিষয়ে একো নাজানিছিল বুলি ভবাটো অর্থহীন৷ চিএএছৰ প্রতিবেদনত এইটোও উল্লেখ কৰা হৈছে যে ৭নং দফা অনুসৰি প্রতিজন প্রতিযোগীয়ে মাত্র এটা শিতানত অংশগ্রহণ কৰিব পাৰিব৷ প্রতিযোগিতাত অংশগ্রহণ কৰাৰ আগতে নিজৰ ওজন সঠিকভাৱে ৰখাটো তেওঁৰ দায়িত্ব৷ অর্থাৎ এই গোচৰত ক্রীড়া আদালতে বুজাই দিছে যে পদক হেৰুওৱাৰ বাবে ভিনেশ ফ’গাট নিজেই দায়ী৷ ভিনেশ ফ’গাটে অলিম্পিকত স্বর্ণ পদক জয়ৰ সপোন দেখিছিল৷ তিনিজন মল্লযুঁজাৰুক পৰাস্ত কৰি তেওঁ ফাইনেলত প্রৱেশ কৰিছিল৷ ৰূপৰ পদকো নিশ্চিত কৰিছিল৷ কিন্তু ফাইনেলৰ পুৱা তেওঁৰ ওজন বেছি হোৱাৰ বাবেই তেওঁৰ পৰা পদক কাঢ়ি লোৱা হ’ল৷ আনকি তেওঁ ফাইনেললৈও যাব পৰা নাছিল৷ ইফালে, হাৰিয়ানাৰ খাপ পঞ্চায়তে অলিম্পিয়ান মল্লযুঁজাৰুগৰাকীক এক নতুন ৰূপত আদৰণি জনোৱাৰ চিন্তা কৰিছে৷ নির্দলীয় বিধায়ক তথা হাৰিয়ানা সংগৱান খাপৰ সভাপতি সোমবীৰ চাংৱানে কয়- অলিম্পিকত স্বর্ণ পদক বিজয়ীক দিয়াৰ দৰেই ভিনেশৰ বাবে এটা পদক তৈয়াৰ কৰা হ’ব৷ এই পদকত ৫০–১০০ গ্রাম সোণ থাকিব৷

Featured