আই পি এলত দেখা গৈছে অধিনায়কৰ মূৰত দুটা টুপী, দুযোৰ ছানগ্লাছ… কাৰণ কি?

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ আই পি এলৰ সময়ত এইবাৰ দেখা গৈছে এটা আচৰিত বিষয়। প্ৰতিটো দলৰ অধিনায়ক বা আন কোনো খেলুৱৈৰ মূৰত দেখা গৈছে দুটাকৈ টুপী। ভালদৰে প্ৰত্যক্ষ কৰিলে দেখিবলৈ পোৱা এই দুই টুপীৱালা কেপ্টেইন বা খেলুৱৈক লৈ দৰ্শকৰ মাজত সৃষ্টি হৈছে কৌতূহলো। কি কাৰণত দুটা টুপী পৰিধান কৰিছে অধিনায়কসকলে।

আচলতে এয়া ক’ৰোনা সংক্ৰান্তীয় এটা নিয়ম। ক’ৰোনা মহামাৰীৰ সময়ত অনুষ্ঠিত হোৱা সকলো খেলতে বান্ধি দিয়াৰ দৰে আই পি এলৰ ক্ষেত্ৰতো বান্ধি দিয়া হৈছে নীতি-নিয়ম। অন ফিল্ডৰ ক্ষেত্ৰতো থকা নিয়ম মতে ইজন খেলুৱৈয়ে সিজনৰ সংস্পৰ্শলৈ আহিব নোৱাৰে। তেনেদৰে বল দিয়াৰ সময়ত টুপী বা ছানগ্লাছ আম্পায়াৰক দিব নোৱাৰিব।

ইয়াৰ পৰিৱৰ্তে সতীৰ্থ বা অধিনায়কৰ হাতত জমা দিয়া হয় টুপী বা ছানগ্লাছ। বিগত মাহত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজৰ খেলত ফিন্স বা ইয়ন মৰ্গানক দেখা গৈছিল তিনিটাকৈ টুপী পৰিধান কৰা। আনহাতে উইকেট দখল বা জয়ী হোৱাৰ পিছতো কোনো খেলুৱৈয়ে স্পৰ্শ কৰিব নোৱাৰে ইজনে সিজনক। গতিকে কৰোনাকালীন খেলত দেখা গৈছে কিছু আজব দৃশ্য।