ডুবাইলৈ স্থানান্তৰ মহিলা টি-২০ বিশ্বকাপ ক্রিকেট

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ আগষ্টঃ বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাই দেশখনৰ ক্রীড়া ক্ষেত্রখনতো প্রভাৱিত কৰিছে৷ আইচিচি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখন বাংলাদেশত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও দেশখনৰ শেহতীয়া পৰিস্থিতিৰ বাবে স্থান সলনি কৰা হৈছে৷ আইচিচি মহিলা টি-২০ বিশ্বকাপ এইবাৰৰ আয়োজক বাংলাদেশৰ অস্থিৰতাৰ বাবে স্থান সলনি কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে৷ আসন্ন আইচিচি মহিলা টি-২০ বিশ্বকাপ বাংলাদেশৰ সলনি অনুষ্ঠিত ডুবাইত৷ ইতিমধ্যে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিছে আইচিচিয়ে৷ পূর্বৰ সূচীমতেই প্রতিযোগিতাখন আৰম্ভ হ’ব বুলি সদৰী কৰে আইচিচিয়ে৷ সংৰক্ষণ আন্দোলনক লৈ অস্থিৰ হৈ পৰিছিল বাংলাদেশ৷ দেশখনৰ সংৰক্ষণবিৰোধী আন্দোলনে পর্যায়ক্রমে এনে এক পৰিস্থিতিৰ সৃষ্টি কৰিলে যে শ্বেখ হাছিনাই দেশখনৰ প্রধানমন্ত্রী পদৰ পৰা পদত্যাগ কৰিবলগীয়া হ’ল৷ কেৱল পদত্যাগেই নহয় তেওঁ দেশ এৰি ভাৰতত আশ্রয় গ্রহণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল৷ ইয়াৰ পিছতে বাংলাদেশৰ সমস্ত দায়িত্ব মহম্মদ ইউনুছৰ কান্ধত পৰিল৷ মহম্মদ ইউনুছৰ নেতৃত্বত দেশখনত অন্তর্ৱর্তীকালীন চৰকাৰ গঠন কৰা হ’ল যদিও ৰাজনৈতিক অস্থিৰতা এতিয়াও আঁতৰ হোৱা নাই৷ এনে অস্থিৰ পৰিৱেশে বিৰাজ কৰি থকাৰ সত্বেও বাংলাদেশ ক্রিকেট ব’র্ডে আইচিচিক পাঁচ দিনৰ সময় বিচাৰিছিল৷ কিন্তু বাংলাদেশ ক্রিকেট ব’ডক সেই সময় দিয়াৰ পৰা বিৰত থাকে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থাটোৱে৷ আইচিচিয়ে সুৰক্ষাৰ স্বার্থত মহিলা টি-২০ বিশ্বকাপ বাংলাদেশৰ সলনি ডুবাইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ ইফালে বাংলাদেশত বিশ্বকাপ অনুষ্ঠিত কৰিব নোৱাৰাটো যথেষ্ট নিৰাশাজনক বুলি উল্লেখ কৰিছে আইচিচিয়ে৷ ইয়াৰ লগতে সংস্থাটোৱে এই কথাও উল্লেখ কৰিছে যে বাংলাদেশ ক্রিকেট ব’র্ডে সকলো প্রকাৰে মহিলা টি-২০ বিশ্বকাপ অনুষ্ঠিত কৰাৰ প্রচেষ্টা চলাইছিল যদিও অন্য দেশৰ ক্রিকেট দলসমূহে সুৰক্ষাৰ দিশটোক লৈ আশংকা ব্যক্ত কৰে৷ এই পৰিপ্রেক্ষিততে মহিলা টি–২০ বিশ্বকাপ ডুবাইত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলি উল্লেখ কৰে আইচিচিৰ মুখ্য কার্যবাহী বিষয়া জিঅ’ফ আলাৰডাইছে ব্যক্ত কৰে৷ উল্লেখ্য যে চলিত বর্ষৰ ৩ অক্টোবৰৰ পৰা আইচিচি মহিলা টি-২০ বিশ্বকাপ আৰম্ভ হ’ব আৰু ২০ অক্টোবৰত সামৰণি পৰিব৷ মন কৰিবলগীয়া যে ১০টা দলে অংশগ্রহণ কৰিবলগীয়া এই প্রতিযোগিতাখনৰ মেচসমূহ ছিলেট আৰু ঢাকাস্থিত আন্তঃৰাষ্ট্রীয় ষ্টেডিয়ামত অনুষ্ঠিত কৰাৰ সূচী তৈয়াৰ কৰিছিল আয়োজক বাংলাদেশ ক্রিকেট ব’ৰ্ড আৰ আইচিচিয়ে৷

Featured