বিশ্ব চেম্পিয়ন ভাৰতে লাভ কৰিলে ২০ কোটি ২৪ লাখ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জুনঃ এমাহজোৰা প্রতীক্ষাৰ অন্তত সামৰণি পৰিল আইচিচি টি–২০ বিশ্বকাপ ক্রিকেট৷ ৱেষ্ট ইণ্ডিজ আৰু বিশ্বৰ সর্বশক্তিমান দেশ আমেৰিকাত যুটীয়াভাৱে অনুষ্ঠিত প্রতিযোগিতাখনৰ অনুষ্ঠিত ফাইনেল মেচখনত দক্ষিণ আফ্রিকাক পৰাস্ত কৰি চেম্পিয়ন হয় টীম ইণ্ডিয়া৷ চেম্পিয়ন হোৱা সূত্রে ভাৰতীয় দলটোৱে লাভ কৰে ২০ কোটি ২৪ লাখ ৪৯ হাজাৰ টকা৷ প্রথমবাৰৰ বাবে টি-২০ বিশ্বকাপৰ চেম্পিয়ন দলে লাভ কৰিলে আইপিএলতকৈ অধিক পুৰস্কাৰৰ ধন৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী টি-২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ সদ্যসমাপ্ত সপ্তদশ সংস্কৰণৰ চেম্পিয়ন কলকাতা নাইট ৰাইডার্ছে ২০ কোটি টকা লাভ কৰিছিল৷ ইফালে, মুঠ ৯৩ কোটি ৫০ লাখ টকাৰ প্রাইজমানী সম্বলিত প্রতিযোগিতাখনৰ ৰানার্ছআপ দক্ষিণ আফ্রিকাই লাভ কৰে ১০ কোটি ৬৮ লাখ ৬ হাজাৰ ৪০০ টকা৷ আনহাতে, ছেমিফাইনেলত পৰাস্ত হোৱা ইংলেণ্ড আৰু আফগানিস্তান উভয়ে লাভ কৰে ৬ কোটি ৫৮ লাখ ৭ হাজাৰ ২৫০ টকাকৈ৷ ছুপাৰ এইটত পৰাস্ত হোৱা অষ্ট্রেলিয়া, ৱেষ্ট ইণ্ডিজ, বাংলাদেশ আৰু আমেৰিকাই লাভ কৰে ৩ কোটি ১৯ লাখ ৫০ হাজাৰ ৭৫০ টকাকৈ৷ আনহাতে, গ্রুপ পর্যায়ৰ পৰা বাহিৰ হোৱা পাকিস্তান, কানাডা, আয়াৰলেণ্ড, স্কটলেণ্ড, নামিবিয়া, ওমান, নিউজিলেণ্ড, উগাণ্ডা, পাপুৱা নিউগিনি, শ্রীলংকা, নেদাৰলেণ্ডছ আৰু নেপালে লাভ কৰে ২ কোটি ৬ লাখ ৯ হাজাৰ ২৫০ টকাকৈ৷

Featured