ডিঝ’ জংগো–কাংয়াছেটৰ শিখৰত

  • উপেন চক্ৰৱৰ্তী

২০১৫ চনত নেপালৰ প্রলয়ংকৰী ভূমিকম্পত আমাৰ এভাৰেষ্ট আৰোহণৰ সপোন বিধ্বস্ত হৈ গৈছিল৷ কিন্তু ই আমাৰ উৎসাহ ম্লান কৰিব পৰা নাছিল৷ বেছকেম্পত প্রকৃতিৰ তাণ্ডৱৰ ভয়াৱহ ৰূপ দেখাৰ পিছতো ৰৈ আছিলোঁ নেপাল চৰকাৰে কিজানি যোৱাৰ অনুমতি দিয়েই৷ শেষত সেইবছৰৰ বাবে এভাৰেষ্ট অভিযান বন্ধ কৰি দিয়া হৈছিল৷ ২০১৬ চনত পুনৰ নতুন আশাৰে এভাৰেষ্ট অভিযানৰ বাবে যো–জা কৰা হ’ল৷ আৰু এইবাৰ আমাৰ অভিযান সফল হ’ল আৰু হেনৰি, খৰসিং আৰু নন্দই এভাৰেষ্টৰ শিখৰত পদার্পণ কৰাৰ গৌৰৱ অর্জন কৰিলে৷ অসমৰ পৰা এককভাৱে চলোৱা অভিযানে অৱশেষত সফলতাৰ মুখ দেখিলে৷ কিন্তু অসমত পর্বতাৰোহণৰ বাটকটীয়া হিচাপে আৰু এভাৰেষ্টৰ আয়োজক সমিতি হিচাপে অসম পর্বতাৰোহণ সন্থাৰ পৰা এজন হ’লেও সদস্যই শিখৰ আৰোহণ কৰিলে– মনটোত শান্তি লাগিলহেঁতেন৷ কাৰণ ১৯৮৩ চনৰ পৰাই এই সন্থাৰ লগত নিবিডভাৱে জডিত আছিলোঁ আৰু মোৰ অগ্রজসকলৰ প্রশিক্ষণ আৰু মৰমৰ বাবেই আজি আহি এইখিনি পাইছেছাহি৷ এক বুজাব নোৱাৰা আৱেগিক সম্পর্ক এটা আছিল আৰু এতিয়াও আছে৷ এই কথাটোৱে মোৰ মনটো বহু দিনলৈ অস্থিৰ কৰি ৰাখিছিল৷ কাৰণ বছৰে বছৰে এভাৰেষ্ট অভিযান চলোৱা সম্ভৱপৰ নহয়৷ ১৯৫৩ চনত আৰোহণ হোৱা এভাৰেষ্ট শিখৰ অসমে আৰোহণ কৰালৈ সুদীর্ঘ ৬৩টা বছৰৰ প্রয়োজন হ’ল ৷

২০১৮ চনটো আছিল অসম পর্বতাৰোহণ সন্থাৰ সোণালী জয়ন্তীবর্ষ৷ ১৯৬৮ চনৰ ২৮ জুলাইত অতনু প্রসাদ বৰুৱাই প্রয়াত ৰোহিণী কুমাৰ ভূঞাৰ লগত প্রতিষ্ঠা কৰা অসম পর্বতাৰোহণ সন্থাই ২০১৮ চনত ৫০ টা বছৰত ভৰি দিলে৷ গতিকে সোণালী জয়ন্তীবর্ষৰ লগত সংগতি ৰাখি লাডাখ হিমালয়ৰ দুই শিখৰDZO-JONGO (৬,২৮০ মিটাৰ) আৰুKang yaste টু (৬,২০০ মিটাৰ) অভিযানৰ বাবে প্রস্তুতি চলোৱাৰ সিদ্ধান্ত লোৱা হ’ল৷ দহজনীয়া দল এটা নির্বাচন কৰা হ’ল অভিযানৰ বাবে৷ আকৌ এবাৰ সাজু হ’লোঁ হিমালয়ৰ বুকুলৈ যাবলৈ৷ ১৯৯৯ চনতে অসম এডভেঞ্চার্ছ ফাউণ্ডেচনৰ পৰা কাশ্মীৰলৈ গৈছিলোঁ নুন শিখৰ অভিযানৰ বাবে৷ আৰু এইবাৰ ওলাইছেছা লাডাখ হিমালয়ৰDZO-JONGO (৬,২৮০ মিটাৰ) আৰুKang yaste টু (৬,২০০ মিটাৰ) শিখৰ আৰোহণৰ বাবে ৷

নির্বাচিত দলটোক অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ১৬ জুলাইৰ দিনাFlag of কৰি যাত্রাৰ বাবে শুভেচ্ছা জনালে৷ মুঠ দহজন আৰোহী সদস্যই ২১ জুলাইত কাশ্মীৰৰ লেহত (১১,৪৮০ ফুট) উপস্থিত হ’লোঁ৷ লেহ আমাৰ বাবে এক অতি পৰিচিত নাম৷ কাৰণ প্রায়ে শুনি থাকোঁ বিশ্বৰ গাডী যাব পৰা উচ্চতম খাৰদুংলা পাচৰে (১৮,৪৮৬ ফুট) লেহলৈ মটৰ বাইক লৈ বহুতে দুঃসাহসিক যাত্রাৰ সোৱাদ ল’বলৈ যায়৷ আৰু সামৰিক দিশৰ ফালৰ পৰাও লেহৰ গুৰুত্ব অপৰিসীম৷ নুন শিখৰলৈ যাওঁতে আমি শ্রীনগৰ হৈ গৈছিলোঁ৷ লেহত সোমায়ে গম পাইছিলোঁ অক্সিজেনৰ মাত্রা কম৷ এখন শুকান ঠাই৷ চৌপাশে ৰুক্ষ বাতাৱৰণ৷ আমি অসমৰ সেউজীয়া অঞ্চলৰ পৰা যোৱা বাবে কথাটো বেছি অনুভৱ কৰিছিলোঁ৷ লেহ চহৰখন লাডাখ অঞ্চলৰ জিলা সদৰ আৰু ই সিন্ধু নদীখনৰ পৰা প্রায় ৬ কিলোমিটাৰ নিলগেৰে বৈ গৈছে৷ ইয়াতো লাছাত থকা পোটলা প্রাসাদৰ দৰেই অবিকল প্রাসাদ এটা আছে ৷

লেহত আমি থকা হোটেলখনৰ নাম আছিল ছাংগ্রী–লা৷ লগে লগে মোৰ মঞ্জুলাই মাজে মাজে কৈ থকা ছাংগ্রী–লা নামৰ শব্দটোলৈ মনত পৰিছিল৷ মঞ্জুলাই কোৱা মতে ১৯৩৩ চনতে জেমছ হিলটন নামৰ ব্রিটিছ লেখক এজনে লিখা কিতাপখনত হৰাইজনত এখন ৰহস্যময় ঠাইৰ বিৱৰণ দিয়া আছে৷ তিব্বতৰ ওখ দুর্গম স্থানত কল্পনা কৰা ছাংগ্রী–লাত বোলে মানুহ কেতিয়াও বুঢ়া নহয়৷ সঁচাকৈয়ে এনেকুৱা এখন ঠাইত থাকিলে কি ভাল হ’লহেঁতেন৷ ইয়াতে এটা কথা গম পাই ভাল লাগিল যে অসমৰ শশধৰ বডোৱে এখন হোটেল চলাই আছে৷ ঠিক কৰিলোঁ আমি উভতি আহি তেওঁৰ হোটেলত খামহি৷

২২ তাৰিখেNamgyal Tsemo নামৰ ১,৪০০ শতিকাতে বনোৱা বৌদ্ধ মঠ এটালৈ গ’লোঁ৷ লেহৰ পৰা প্রায় ২,০০০ ফুট উচ্চতাত অৱস্থিত এটা পুৰণা মঠ৷ ২৩ তাৰিখে আমি ইয়াৰ পৰা আমাৰ পৰৱর্তী যাত্রা কৰিম৷ গতিকে সকলোৱে যা–যোগাৰ কৰাত লাগি পৰিলোঁ৷ পিছবেলালৈ আমি পূবৰ পৰা বৈ অহা বিখ্যাত সিন্ধু নদী(Indus) আৰু দক্ষিণ–পশ্চিমৰ পৰা বৈ অহা ঝন্সাকাৰ Zanskar) নদীৰ সংগমস্থললৈ গৈছিলোঁ৷ ঠাইখিনিৰ নামেই হৈছে সংগম৷ দুখন নদীৰ পানী বেলেগ বেলেগ৷ দেখিলেই ধৰা যায়৷ সিন্ধু নদীক ওচৰৰ পৰা দেখি বহুত ভাল লাগিল৷ বুৰঞ্জীত পঢ়া সিন্ধু উপত্যকাৰ সভ্যতা এই নদীৰ পাৰে পাৰে বিকশিত হৈছিল৷ আৰু আমাৰ দেশখনৰ নাম হিন্দুস্তান সিন্ধু নদীখনৰ পৰাই হোৱা বুলি জনা যায়৷ ইয়াৰ পৰা উভতি যাওঁতে ৰাস্তাতেZero Gravity Pointত নামিলোঁ৷ ইয়াত থকা চৌম্বকীয় ক্ষেত্রৰ বাবে যিকোনো বস্তুকে এৰি দিলে টানি লৈ আনে৷ প্রমাণ চাবলৈ বুলি আমি আমাৰ ইক’ ভেনখন আগলৈ দি ৰখাই থ’লোঁ৷ তাৰ পিছত যাদুৰ দৰে গাডীখন নিজে নিজেGravity Point লৈ গুচি আহিল৷ চাই বৰ মজা লাগিল আৰু আচৰিতো হ’লোঁ৷ ইয়াৰ পৰা অলপ দূৰত আছেHall of fame, লেহত ভাৰতীয় সেনা বাহিনীয়ে তত্ত্বাৱধান কৰা এক বিৰল সংগ্রহালয়৷ সেনা বাহিনীয়ে তত্ত্বাৱধান কৰা এই সংগ্রহালয়ত দেশৰ বাবে আত্মবলিদান দিয়া সেই সাহসী সেনা জোৱানসকলৰ স্মৃতিসৌধ আছে৷ সংগ্রহালয়ত আমি বেছ কিছু সময় থাকিলোঁ৷ কার্গিল যুদ্ধত উদ্ধাৰ হোৱা পাকিস্তানৰ সেনা বাহিনীৰ যুদ্ধৰ আহিলা–পাতিবোৰ, ছিয়াচেন হিমবাহত ব্যৱহূত বস্তুবোৰ চাই চাই মোৰ ১৯৯৯ত নুন অভিযানলৈ আহি পোৱা কার্গিল যুদ্ধৰ চাক্ষুস অভিজ্ঞতাবোৰলৈ মনত পৰিছিল৷ ইয়াতে কার্গিল যুদ্ধত প্রাণ আহুতি দিয়া অসমৰ কেপ্ঢেইন জিণ্টু গগৈৰ সমাধিৰ আগত থিয় হৈ মনে মনে শ্রদ্ধা নিবেদন কৰিলোঁ৷

২৩ তাৰিখে ৯.০৫ বজাত এখন ড্রেভেলাৰ লৈ আমাৰ যাত্রা আৰম্ভ কৰিলোঁ আমাৰ গন্তব্যস্থান অভিমুখে৷ পথৰ দুয়োকাষৰ সুন্দৰ দৃশ্য চাই চাই আমিSpituk, Nimu হৈSangam পালোঁ৷Sangam ৰ পৰা আমি ১২.৫০তChilling (১০,৫০০ফুট) নামৰ গাঁওখন পালোঁ৷Rope Trolly ৰেZanskar নদী পাৰ হৈ ১২,১৭০ ফুট উচ্চতাৰSkyu লৈ যাত্রা আৰম্ভ কৰিলোঁ৷ আবেলি ৫.১৫ত আমি আমাৰcamp site পালোঁ৷ আমাৰ টেণ্টবোৰ লগোৱা হ’ল৷ আমাক দেখা পাই কাষৰ সৰু সৰু ল’ৰা–ছোৱালীবোৰে জুম বান্ধিছিল৷ সিহঁতৰ হাতত কিছু চকলেট তুলি দিলোঁ৷ ইয়াত টুৰিষ্টৰ বাবেhome stayৰো ব্যৱস্থা আছে, যিসমূহ ইয়াৰ স্থানীয় মহিলাসকলৰ দ্বাৰা পৰিচালিত হয়৷ আমি থকাcamp site ৰ দায়িত্বও এনে মহিলাসকলৰ হাততে ন্যস্ত৷ ৰাতিলৈ এজাক ভাল বৰষুণ আহিছিল৷ আমাৰ টেণ্টবোৰ মজবুত আছিল বাবে একো অসুবিধা নোহোৱাকৈ শুই পৰিলোঁ৷ আজি আমি প্রায় ১৭ কিলোমিটাৰ খোজ কাঢ়িলোঁ৷

২৪ তাৰিখে আমি খোৱা–বোৱা শেষ কৰিSkyu ৰ পৰাMarkha velly (১২,৬৩০ ফুট)লৈ যাত্রা আৰম্ভ কৰিলোঁ৷ ইয়াতে আমি বেলজিয়ামৰ পৰা অহা পৰিয়াল এটা লগ পালোঁ৷ তিনিটা ল’ৰাৰ মাজত একেবাৰে সৰুটো ল’ৰা বৰ মৰম লগা আৰু সি গাধ আৰু ঘোঁৰাবোৰৰ লগত লাগি থকা দৃশ্যটোত বৰ আমোদ পাইছিলোঁ৷ ৰাতি থকাৰ বাবে টেণ্টবোৰ লগোৱা হ’ল৷ হাতত থকা আমাৰ ফোনবোৰেৰে ঘৰলৈ ফোন কৰিব নোৱাৰি আমি ইয়াৰ গাঁওবুঢ়াৰ হাতত থকা ছেটেলাইট ফোনেৰে ঘৰৰ লগত যোগাযোগ কৰিছিলোঁ৷ ৰাতিটোMarkha velly ত থকাৰ বাবে কেম্প লগালোঁ৷

২৫ তাৰিখেMarkha velly ৰ পৰা আমি যাত্রা আৰম্ভ কৰিলোঁNimaling অভিমুখে৷ ৰাস্তাটো কেৱল ওপৰলৈ উঠি গৈ আছে৷ লাহে লাহে খালী গৈ আছিলোঁ৷ টকলা পর্বতবোৰ, শুকান৷ গছ–গছনি একো নাই৷ ৰাস্তাৰ মাজে মাজে এখন দুখন দহ–বাৰ ঘৰ মান মানুহ থকা গাঁও পাই গৈছিলোঁ৷ অলপমান জিৰণি লৈছিলোঁ আৰু গৈ আছিলোঁ খোজ কাঢ়ি৷ মাজতে ৰৈ দিছিলোঁ পেকেট লাঞ্চ খাবৰ বাবে৷ প্রায় ২১ কিলোমিটাৰমান খোজ কঢ়াৰ পিছত আমি গৈ পালোঁThachungtse (১৪,১১০ ফুট)৷ আমাৰ আগে আগে গৈ আছিল এটা য়াক৷ প্রায় ১০ কিলোমিটাৰলৈকে সি আমাৰ আগে আগে গৈ আছিল৷ আবেলি ৬ মান বাজিছিল৷ আমি ৰাতিটো জিৰণি লোৱাৰ বাবে আমাৰ কেম্পবোৰ লগালোঁ৷

২৬ তাৰিখে পুৱা ব্রেকফাষ্ট কৰি আমি আলোচনা কৰি সিদ্ধান্ত কৰিলোঁ যে দলটো দুটা ভাগ কৰা যাওক৷ কিয়নো দুটা শিখৰ আৰোহণৰ বাবে দুটা সুকীয়াBase Campৰ প্রয়োজন হ’ব৷ মানসৰ দলত থাকিল ডাক্তৰদা, পুলক, ৰিজু, হেমেন আৰু সুৰেশ৷ আৰু আমাৰ দলত থাকিল কৌশিক, কাকু আৰু পৰাগ৷ এতিয়ালৈকে পুলকে (পুলক মহন্ত, অতিৰিক্ত উপায়ুক্ত, কামৰূপ মহানগৰ) ভালেই আহি আছে৷ প্রায় ২১ বছৰৰ মূৰত পুলক আহিছে হিমালয়ৰ বুকুলৈ অভিযান কৰিবলৈ৷Tamachem পোৱাৰ আগতে আমি আমাৰ লগত থকা পেকেট লাঞ্চবোৰ খাই ল’লোঁ৷ পাৰ হৈ আমিKongka Nogonpo নামৰ ঠাই পালোঁ৷ ইয়াতে থকা তিনিটা লেকৰ ভিতৰত এটা লেকৰ মাজত বহি থকা বৌদ্ধ মূর্তি এটা প্রতিষ্ঠাপনৰ যো–জা চলি আছিল৷ মানসহঁতৰ লগত আমি ইয়াৰ পৰাই এৰা–এৰি হ’লোঁ৷ মানসহঁতেKANG YATSE টু ৰ ৰাস্তাত আগবাঢ়ি গ’ল আৰু আমি আগবাঢ়িলোNimaling (১৫,৬৭৫ ফুট) হৈDZO-JONGO Base Camp অভিমুখে৷Nimaling ত কাকুহঁতে মেগী আৰু মই চাহ একাপ খালোঁ৷ প্রায় ডেৰ ঘণ্টামান খোজ কাঢ়ি আমি ১৬,৯৯৫ ফুট উচ্চতাত আমি আমাৰBase Camp স্থাপন কৰিলোঁ৷

২৭ তাৰিখে আমি নিজকে শিখৰ আৰোহণৰ বাবে সাজু কৰিলোঁ৷ পূজাৰ বাবে প্রথমেই আমি এটা ডাঙৰ জোঙা শিল আনি স্থাপন কৰিলোঁ৷ তাৰ পিছত আমাৰ আৰোহণৰ বাবে নিয়া সা–সঁজুলিসমূহ আগবঢ়াই ভগৱানৰ ওচৰত সফলতাৰ বাবে আশিস বিচাৰিলোঁ৷ অসম পর্বতাৰোহণ সন্থাৰ পৰা এইটো মোৰ দ্বিতীয় অভিযান৷ ইয়াৰ আগতে ১৯৮৯ চনত অজিত কলিতাৰ নেতৃত্বত ভাৰতৰ তৃতীয় সর্বোচ্চ শৃংগ কামেট শিখৰ অভিযানৰ বাবে অংশগ্রহণ কৰিছিলোঁ৷ কিন্তু বেয়া বতৰৰ বাবে ৩নং কেম্পৰ পৰাই উভতিব লগা হৈছিল৷ ব্রেকফাষ্ট কৰি আমি সকলোৱে আমাৰBoot, Ice Axe, Crampon, Jumar আদি উলিয়াই ল’লোঁ৷ ২০১৬ চনৰ পিছত আকৌ বস্তুবোৰ ব্যৱহাৰৰ বাবে উলিয়াই ল’লোঁ৷ আমি আজি মাজৰাতিৰ পিছতেইsummit ৰ বাবে যাত্রা আৰম্ভ কৰিম৷ গতিকে মানসিকভাৱে নিজকে সাজু কৰিলোঁ৷ ৰাতিৰ সাঁজ আমি ৬ বজাত খালোঁ আৰু শুবলৈ গ’লোঁ৷ কাৰণ মাজৰাতি ১২ মান বজাত শুৱাৰ পৰা উঠিবই লাগিব৷

২৮ তাৰিখ৷ ৰাতি ১২ টা বাজি ২০ মিনিট গৈছে৷ আমাৰ গাইড মিংমাই আমাক জগাই দিলে৷ আমাক চাহ আৰু ডালিয়া খাবলৈ দি হাতত এটাকৈ পেকেট লাঞ্চ তুলি দিছিল৷ পুৱা আমি স্থাপন কৰা আমাৰ শিলৰ ভগৱানজনাৰ ওচৰত মূৰ দোঁৱাই জোনাকৰ পোহৰত খোজ দিলোঁMorain বুকুৱেদি৷ মূৰতHead Lamp বোৰ জ্বলাই ল’লোঁ৷ ওখোৰা পথটো কেৱল ওপৰলৈ গৈ আছিল৷ ৰাতিৰ এন্ধাৰ পথত হিমালয়ৰ বুকুত খোজ কঢ়া একধৰণৰ প্রত্যাহ্বান, পথৰ শেষ যেন নহ’বই৷ শেষত লাহে লাহে চৌপাশে পোহৰ হৈ আহিব ধৰিছিল৷ তেতিয়াওDZO-JONGO ৰglacier ৰ দেখাদেখি নাই৷ আৰু অলপ দূৰ যোৱাৰ পিছত লাহে লাহে আমাৰ চকুত ধৰা দিছিলDZO-JONGOৰ শিখৰে৷
DZO-JONGO ৰglacier ত ভৰি দিয়াৰ আগতে আমি ব্রেকফাষ্ট কৰি ল’লোঁ৷ ভৰিৰ পৰাTrekking Boot আঁতৰাই আমিClimbing Boot পিন্ধি ল’লোঁ৷ পুৱা ৭ বজাৰ পৰা ১১.৩০লৈকে কেৱল খোজ কাঢ়িছেছাGlacier ৰ ওপৰেদি৷ মাজে মাজেCravas বোৰ৷ শিখৰৰ তলখিনি পাই দেখো এখন আইচ ৱাল৷ ৮০ ডিগ্রী হেলনীয়াকৈ থিয় হৈ আছে আমাৰ সন্মুখত৷ ওখ প্রায় ৫৯৪ ফুটমান হ’ব৷ তলৰ পৰা যদিও আমি ৰ’প আপ হৈয়ে গৈছিলোঁ, আইচ ৱালখন বগাবলৈ কিন্তু ৰ’প ফিক্স কৰিব লগা হ’ল৷ আমি ভৰিতCrampon বোৰ ফিক্স কৰি ল’লোঁ৷ প্রথমে মিংমাই উঠি গ’ল৷ তাৰ পিছে পিছে মই, কৌশিক, কাকু আৰু পৰাগে ৱালখন বগাবলৈ আৰম্ভ কৰিলোঁ৷ উঠি গৈ থাকোঁতে আমি তিনিটাCravas পাৰ কৰিলোঁ৷ আইচ ৱালখন শেষ হোৱাৰ পিছত বৰফৰ কোনো উম–ঘাম নাই৷ শিখৰলৈ প্রায় ২০ ফুটমান কেৱল ওখোৰা–মোখোৰা শিলৰ টুকুৰা৷ আৰু অৱশেষত দিনৰ ১ বজাত আমি লাহে লাহে এজন এজনকৈ শিখৰত ভৰি দিলোঁ৷ গোটেইকেইজন উঠাৰ পিছত আমি লগত নিয়া ফ্লেগবোৰ বান্ধি দিলোঁ৷ মই লগত নিয়া অসমৰ ফুলাম গামোচাখন শিলত বান্ধি থৈ আহিছিলোঁ৷ আনখন গামোচা উৰুৱাই ফটো উঠি স্মৃতি হিচাপে ওভতাই আনিছিলোঁ৷ বতাহত তেতিয়াও বেলেগ আৰোহণকাৰী দলবোৰে বান্ধি থৈ যোৱা ৰং–বিৰঙৰ ফ্লেগবোৰ নাচি আছিল৷ প্রচণ্ড বতাহৰ বাবে আমি ধূপ জ্বলোৱাত অসুবিধা পাইছিলোঁ৷ লগত নিয়া নাৰিকল, কিচমিচ, চকলেট আমি দি নেদেখাজনক কৃতজ্ঞতা জনাইছিলোঁ আমাক সফলতা দিয়াৰ বাবে৷ শেষত আমি পূজা কৰি শিখৰত ফটো উঠিছিলোঁ৷ মিংমাই তাৰ পৰাBSNL ৰ ফোনৰNetwork ভাল বুলি কোৱাৰ বাবে সফলতাৰ খবৰ দিবলৈ সৈত্যনদা, কিশোৰদাহঁতলৈ ফোন কৰিছিলোঁ৷ আজি ২৮ জুলাই, ২০১৮৷ অসম পর্বতাৰোহণ সন্থাৰ ৫০তম প্রতিষ্ঠা দিৱসৰ দিনাই শিখৰ আৰোহণ কৰি মনটো এক বুজাব নোৱাৰা আৱেগেৰে ভৰি পৰিছিল৷ মনে মনে শিখৰ অভিযানৰ সফলতা অতনু প্রসাদ বৰুৱা আৰু প্রয়াত ৰোহিণী কুমাৰ ভূঞাৰ নামত উৎসর্গা কৰিলোঁ৷ এই দিনটো মোৰ সদায়ে মনত থাকিব৷ মানসহঁতলৈ মনত পৰিছিল৷ সিহঁতৰ বা কি হ’ল? পিছত তললৈ আহি সিহঁতৰ ঘোঁৰাৱালাকেইটাক লগ পাই গম পাইছিলোঁ মানস আৰু ডাক্তৰদায়েও সেইদিনাইKang yaste টু শিখৰটো সফলতাৰে আৰোহণ কৰিলে৷ অসমৰ পর্বতাৰোহণৰ ইতিহাসত প্রথমবাৰৰ বাবে একেদিনাই দুটা শিখৰ আৰোহণ কৰা হ’ল৷ মনৰ পৰা সকলোলৈকে গভীৰ কৃতজ্ঞতা জনাই লাহে লাহে নামি আহিছিলোঁdzo-jongo ৰ শিখৰৰ পৰা ৷

Comments (0)
Add Comment