শেৱালি ফুলৰ লগত মাছৰ জুতি

উপকৰণঃ
শেৱালি ফুল এবাতি
মাছ তিনিডোখৰ
কলাখাৰ তিনি টেবুল চামুচ
পিঠাগুৰি দুই চাহ চামুচ
পানী প্ৰয়োজনমতে
মিঠাতেল প্ৰয়োজনমতে
গোটা জিৰা ১/৪ চাহ চামুচ
শুকান জলকীয়া দুটা
আদা-কেঁচা জলকীয়াৰ পেষ্ট এক চাহ চামুচ
নহৰু ৭ কোঁহ (থেতেলিয়াই লোৱা)
নিমখ স্বাদ অনুযায়ী
হালধি জোখমতে (মাছত সানিবলৈ)

প্ৰণালীঃ
শেৱালি ফুলখিনি ভালকৈ ধুই পানী চেপি ল’ব৷ মাছ কেইডোখৰ ধুই পানী নিগৰাই লৈ জোখমতে নিমখ আৰু হালধি সানি ল’ব৷ কেৰাহীখন গৰম কৰি প্ৰয়োজনমতে মিঠাতেল দি গৰম গৰম হ’বলৈ দিব৷ তেল গৰম হ’লে মাছৰ টুকুৰাখিনি দি দুয়োফালে ৰঙচুৱা হোৱাকৈ ভাজি মাছখিনি প্লেট এখনত নমাই থ’ব৷ এতিয়া কেৰাহীত নামমাত্ৰ তেল ৰাখি তাতে শুকান জলকীয়া আৰু গোটা জিৰাখিনি দি থেতেলিয়াই লোৱা নহৰু আৰু আদা-জলকীয়াৰ পেষ্টখিনি দি প্ৰায় ৰঙচুৱা হোৱাকৈ ভাজিব৷ এতিয়া শেৱালি ফুলখিনি দি প্ৰয়োজনমতে নিমখ দিব৷ তাৰপাছত শেৱালি ফুলখিনি প্ৰায় দুই মিনিটমান সময় ভাজি কলাখাৰখিনি দি লৰাই দিব৷ (কলাখাৰ চোক চাই নিজৰ হিচাপত দিব) অলপ সময় ভজাৰ পিছত কলাখাৰখিনি শুকাবলৈ ধৰিলে প্ৰয়োজনমতে গৰম পানী দি উতলিবলৈ দিব৷ তাৰপিছত ভজা মাছখিনি দি অলপ সময় উতলিবলৈ দিব৷ এতিয়া বাতি এটাত পিঠাগুৰি আৰু পানী অলপমান গুলি লৈ লাহেকৈ কেৰাহীখনত ঢালি আঞ্জাখন উতলিবলৈ দিব৷ প্ৰায় পাঁচ মিনিটমান সময় আঞ্জাখন উতলোৱাৰ পিছত গেছৰ জুই নুমুৱাই দিব আৰু লগে লগে  মিঠাতেল এক চাহ চামুচমান আঞ্জাখনৰ ওপৰত ঢালি দিব৷ এতিয়া গৰমে গৰমে ভাতৰ লগত শেৱালি ফুলৰ লগত ৰন্ধা মাছৰ আঞ্জা পৰিবেশন কৰিব৷