কঁকালৰ বিষ প্ৰতিৰোধ কৰিব পাৰি

কঁকালৰ বিষ–ৰোগী আৰু চিকিৎসক দুয়োজনৰে কাৰণে অসুবিধাজনক সমস্যা৷ ঔষধ খাই কিছুদিনৰ বাবে ‘ভাল’ হ’লেও ৰোগটোৱে পুনৰ আমনি কৰে৷ ফলত ৰোগীয়ে চিকিৎসকৰ ওপৰত আস্থা হেৰুৱায়৷ সেয়ে এনে ৰোগীয়ে সঘনাই ডাক্তৰ সলায়৷ ৰোগীয়ে ধাৰণা কৰি লয় যে ৰাজহাড় ডালত এবাৰ যেতিয়া ৰোগে ধৰিলে ই ভাল নহয়৷ কিন্তু ই ভুল ধাৰণা৷ কিয়নো কঁকালৰ বিষ হাড়ৰ বাবে নহয়, ৰাজহাড়ক আগুৰি থকা মাংসপেশী আৰু লিগামেণ্টবোৰৰ দুর্বলতাৰ বাবেহে আমি কঁকালৰ বিষত ভোগো৷ কঁকালৰ বিষৰ সকলো ৰোগীয়ে জনা উচিত যে এই ৰোগ প্রতিৰোধ কৰিব পাৰি৷ ৰাজহাড়ৰ গাঁঠিসমূহ নিয়মিত শাৰীৰিক ব্যায়ামৰ দ্বাৰা সুচল কৰি ৰাখিব পাৰিলে আৰু মাংসপেশীসমূহ সবল কৰি ৰাখিব পাৰিলে এইৰোগৰ পৰা হাত সাৰিব পাৰি৷ কিছু সময় শৰীৰ চর্চাৰ বাবে আছুতীয়াকৈ ৰখাটো অতি আৱশ্যক৷ তদুপৰি কর্মক্ষেত্রত ৰাজহাড়ৰ ওপৰত চাপ পৰিব পৰা বিসংগতি অৱস্থান এৰাই চলিবলৈ চেষ্টা কৰা উচিত৷ গধুৰ বস্তু উঠোৱাৰ সময়ত আঁঠু ভাজ কৰি উঠালে ৰাজহাড়ৰ ওপৰত পৰা হেঁচা বহু পৰিমাণে কমাব পাৰি৷ আনহাতে শৰীৰৰ ওজন কমোৱাটো কঁকালৰ বিষ প্রতিৰোধৰ আন এটি উপায়৷ মেদবহুল শৰীৰ এনে ৰোগৰ ভঁৰাল৷ নিয়মিত শৰীৰ চর্চা আৰু নিয়মিত খাদ্যাভাসে শৰীৰৰ ওজন কমাই ৰখাত সহায় কৰে৷
নিউয়র্ক বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিচিনৰ ক্লিনিকেল ৰিহেবিলিটেচন বিভাগৰ অধ্যাপক ডাক্তৰ চার্নোৱে দেখুৱাইছে যে বহুতো কঁকালৰ বিষৰ ৰোগীৰ বিষ আচলতে মানসিক চাপজনিত৷ কর্মৰত বহুতো অতি নিষ্ঠাৱান কর্মীয়ে মানসিক চাপত ভোগাৰ ফলত ৰাজহাড়ৰ এলেকালৈ তেজৰ চলাচল কমি যায় আৰু ইয়েই পিছত কঁকালৰ বিষৰ কাৰণ হৈ উঠে৷ সেয়ে মানসিক চাপ কমাবলৈ চিকিৎসা বিজ্ঞানত পৰামর্শ দিছে৷

Comments (0)
Add Comment