অতি সোনকালে বজাৰলৈ আহি আছে এছ পেনৰ সৈতে ছেমচাঙৰ গেলেক্সী নোট ১০ লাইট

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ দক্ষিণ কোৰিয়াৰ মবাইল ফোন প্ৰস্তুত কৰোতা কোম্পানী ছেমচাঙে গেলেক্সী নোট ১০ লাইট স্মাৰ্ট ফোন মুকলি কৰাৰ কথা ঘোষণা কৰিছে। কিন্তু ছেমচাঙে এতিয়ালৈকে এই স্মাৰ্ট ফোনটোৰ দাম ঘোষণা কৰা নাই। এই ফোনটো দুটা বৈশিষ্ট্য উপলব্ধ হ’ব। ৬ জিবি ৰেম ৰ সৈতে ১২৮ জিবি আৰু ৮ জিবি ৰেমৰ সৈতে ১২৮ জিবি মেমৰিত উপলব্ধ। এই স্মাৰ্ট ফোনটোৰ বৈশিষ্ট্য় সমূহ হৈছে ৩৯৪ পিপি আই পিক্সেল ডেনসিটিৰ সৈতে ৬.৭ ইঞ্চিৰ ফুল এইচ ডি ১০৮০x২৪০০ ইনফিনিটি o চুপাৰ এমলইড ডিচপ্লে সংযুক্ত হৈ আছে। স্মাৰ্টফোনটোত এছ পেনৰ সৈতে মুকলি কৰা হ’ব। এই স্মাৰ্ট ফোনটোত ১২ মেগাপিক্সেল ৱাইড এংগেল কেমেৰা আৰু ১২ মেগাপিক্সেল টেলিফটো কেমেৰা উপলব্ধ কৰা হৈছে আনহাতে ছেলফিৰ কাৰণে ৩২ মেগাপিক্সলে কেমেৰা সংযুক্ত কৰা হৈছে । চুপাৰ ফাষ্ট চাৰ্জৰ সৈতে ৪৫০০ এমএইচ বেটাৰী সংযুক্ত হৈ আছে।

Comments (0)
Add Comment