ইছৰোৰ প্রথম সূর্য অভিযানৰ প্রস্তুতি

ৰহস্যময় মহাকাশক লৈ বিজ্ঞানীৰ চিন্তা–চর্চা
  • দীপক কুমাৰ দাস

মহাকাশৰ মহাজাগতিক পৰিঘটনাৰ ৰহস্য উদ্ঘাটন কৰিবলৈ বিজ্ঞানীসকলে নিৰৱচ্ছিন্নভাৱে গৱেষণা–অধ্যয়ন চলাই আছে৷ মহাকাশক লৈ গৱেষণা–ধ্যয়ন আৰম্ভ হোৱাৰ পিছৰে পৰাই নিত্য নতুন তথ্য পোহৰলৈ আনিবলৈ সক্ষম হোৱা অনুসন্ধিৎসু বিজ্ঞানীসকলে মহাকাশৰ ৰহস্য যেন এতিয়াও আয়ত্ত কৰিবলৈ বহুযোজন দূৰতেই আছে৷ নিত্য নতুন তথ্য উদ্ভাৱনৰ পিছত আকৌ নতুন তথ্যৰ সন্ধানত ইংগিত লাভ কৰে৷ সীমাহীন ৰহস্যক সম্পূর্ণৰূপে ভেদ কৰিবলৈ বিজ্ঞানীসকলে ইতিমধ্যে লাভ কৰা উদ্ভাৱনৰ তথ্যক উন্নীত ৰূপত জানিবলৈ প্রয়াস কৰে৷ বছৰে বছৰে মহাকাশ বিজ্ঞানত অভিযান বৃদ্ধি পাই আহিছে৷ জোনবাইৰ বুকুত সোঁশৰীৰে মানৱৰ পদার্পণৰ পিছতে সৌৰজগতৰ আন গ্রহৰ লগতে উপগ্রহত পদার্পণৰ প্রয়াস চলাই আছে৷ মহাকাশ বিজ্ঞানত সফলতা লাভ কৰি থকা দেশ মার্কিন যুক্তৰাষ্ট্র, ৰাছিয়া, চীন, জাপানকে ধৰি আমাৰ দেশ ভাৰতে মহাকাশ অভিযানৰ মাত্রা বৃদ্ধি কৰিছে৷ বিগত বর্ষৰ তুলনাত বিশ্বৰ দেশসমূহে মহাকাশ অভিযানত অধিক ধন ব্যয় কৰিব৷ তথ্য মতে, ২০২০ চনত মহাকাশ অর্থনীতি ১ ট্রিলিয়ন মার্কিন ডলাৰ হ’ব৷ ক্ষুদ্র ছেটেলাইটৰ পৰা বৃহৎ ছেটেলাইট উৎক্ষেপণ, ব্যৱসায়িক ছেটেলাইটৰ পৰা মানৱ মহাকাশ যান, মহাকাশ বাহিনী গঠনৰ পৰা নাছাৰ ৰাজহুৱা–ব্যক্তিগত অংশীদাৰিত্বত মহাকাশ অভিযান নতুন বর্ষটোৰ গুৰুত্বপূর্ণ পদক্ষেপ হ’ব৷ এলন মাস্ক’ৰ স্পেচ এক্স–এ জানুৱাৰী মাহত মহাকাশ অভিযান চলাই কৃত্রিম উপগ্রহ প্রেৰণ কৰিব৷ আমেৰিকা যুক্তৰাষ্ট্রৰ মহাকাশ সংস্থা নাছাই বর্ষটোত মহাকাশ বাহিনী গঠন কৰাৰ লগতে কেইবাটাও মহাকাশ অভিযানৰ পৰিকল্পনা কৰিছে৷ আমাৰ দেশৰ মহাকাশ সংস্থা ‘ভাৰতীয় মহাকাশ গৱেষণা সংস্থা’ চমুকৈ ইছৰোৰ বাবে ২০২০ বর্ষটো হ’ব বিগত বর্ষৰ তুলনাত অধিক প্রত্যাহ্বানমূলক৷ এই বর্ষটোত সূর্য অভিযানকে ধৰি কেইবাটাও অতি গুৰুত্বপূর্ণ মহাকাশ অভিযানৰ পৰিকল্পনা কৰিছে ৷

চন্দ্রৰ দক্ষিণ মেৰুত বিক্রম লেণ্ডাৰ অৱতৰণত ব্যর্থ হ’লেও ২০১৯ বর্ষটো ইছৰোৰ বাবে ইতিবাচক বুলি স্বীকৃত হৈছে৷ চন্দ্রযান–২ অভিযানৰ মূল লক্ষ্য চন্দ্রৰ দক্ষিণ মেৰুত বিক্রম লেণ্ডাৰ অৱতৰণ কৰাই বিশ্বৰ প্রথম দেশ হিচাপে ইতিহাস গঢ়িবলৈ বিফল হ’লেও ইছৰোৱে অভিযানটোৰ জৰিয়তে অনেক নতুন তথ্য–ভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছে৷ বর্ষটোত নিজৰ দেশৰ লগতে পৃথিৱীৰ কেইবাখনো দেশৰ কৃত্রিম উপগ্রহ মহাকাশৰ কক্ষপথত স্থাপন কৰিছে৷ ২০২০ চনত ইছৰোৱে সূর্য অভিযানকে ধৰি কেইবাটাও বহু প্রত্যাশিত মহাকাশ অভিযানৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিবলৈ প্রস্তুত হৈছে৷ ইছৰোৰ মুৰব্বী ড০ কে শিৱনে প্রকাশ কৰা মতে, ২০২০ বর্ষৰ মধ্যভাগত ইছৰোৱে সূর্য অভিযান ‘আদিত্য এল–১’ মহাকাশলৈ প্রেৰণ কৰিব৷ সৌৰ আলোকমণ্ডলৰ গৱেষণাত বিজ্ঞানীসকলক সহায় কৰাৰ উদ্দেশ্যৰে ইছৰোৱে প্রথম সূর্য অভিযান চলাব৷ পি এছ এল ভিৰ জৰিয়তে ‘আদিত্য এল–১’ মহাকাশলৈ প্রেৰণ কৰিব৷ আনহাতে, বর্ষটোৰ শেষত ডিচেম্বৰ মাহত হিউমেন’ইড কঢ়িওৱা প্রথম মানৱবিহীন চন্দ্র অভিযানৰ ‘গগনযান’ৰ পৰীক্ষণ উৰণ চলাব৷ এই দুই প্রত্যাশিত অভিযানৰ লগতে বর্ষটোত ইছৰোৱে ডজনৰো অধিক কৃত্রিম উপগ্রহ মহাকাশলৈ প্রেৰণ কৰিব৷ ইয়াৰ ভিতৰত যোগাযোগ কৃত্রিম উপগ্রহ ‘জিছাট–১’ আৰু ‘জিছাট–১২ আৰ’, পৃথিৱী নিৰীক্ষণকাৰী উপগ্রহ ‘বিছাট–২ বি আৰ ২’ আৰু ‘মাইক্রছাট’ উপগ্রহ উল্লেখযোগ্য৷ মন কৰিবলগীয়া যে বর্ষটোতে ইছৰোৱে পুনৰ ব্যৱহাৰযোগ্য উৎক্ষেপণ বাহন (ৰি–ইউজুৱেল লন্স ভেহিকল চমুকৈ আৰ এল ভি) আৰু প্রথম উন্নীত উৰণ স্মল ছেটেলাইট লন্স ভেহিকল (এছ এছ এল ভি অথবা মিনি পি এছ এল ভি)ৰ পৰীক্ষণ সম্পূর্ণ কৰিব৷ বিশ্বৰ ১.৫ বিলিয়ন মার্কিন ডলাৰৰ ক্ষুদ্র উপগ্রহৰ বজাৰখনৰ প্রতি লক্ষ্য কৰিয়েই ইছৰোৱে আৰ এল ভি আৰু এছ এছ এল ভিত গুৰুত্ব দিছে৷ আৰ এল ভিয়ে ইছৰোক ৰকেট পুনৰ ব্যৱহাৰত সহায় কৰিব৷ ‘স্পেচ এক্স’ আৰু ‘ব্লু অৰিজিন’ৰ ৰকেটৰ লেখীয়াই কম ব্যয়বহুল হ’ব ইছৰোৰ আৰ এল ভি৷ ইপিনে, এছ এছ এল ভিৰ ওজন হৈছে ১১০ টন, যিটো পি এছ এল ভিৰ তুলনাত এক দশমাংশ কম৷ পি এছ এল ভিক সাজু কৰিবলৈ লাগে ৪০ দিন, কিন্তু এছ এছ এল ভি তিনি–চাৰি দিনৰ ভিতৰত সাজু কৰিব পাৰিব৷ এই এছ এছ এল ভি ক্ষুদ্র কৃত্রিম উপগ্রহ উৎক্ষেপণৰ বাবে অতি লাভজনক৷ সম্প্রতি বিশ্বত ক্ষুদ্র কৃত্রিম উপগ্রহ উৎক্ষেপণৰ বজাৰ এখন গঢ় লৈ উঠিছে৷ ইছৰোৱে ২০১৯ চনত পি এছ এল ভিৰ জৰিয়তে বিদেশী ৰাষ্ট্রৰ কৃত্রিম উপগ্রহ উৎক্ষেপণ কৰি ৩২৪ কোটি টকা উপার্জন কৰিছে৷ বিগত পাঁচ বছৰত ১,২৪৫ কোটি টকা উপার্জন কৰিছে৷ পি এছ এল ভিতকৈ কম ব্যয়েৰে এছ এছ এল ভিৰে কৃত্রিম উপগ্রহ উৎক্ষেপণ কৰিব পাৰিলে উপার্জনৰ পৰিমাণ বৃদ্ধি পাব৷ তাৰ বাবেই এছ এছ এল ভি পৰিকল্পনাক বাস্তৱ ৰূপ দিব ইছৰোৱে৷ মন কৰিবলগীয়া যে পি এছ এল ভি সেৱাৰ কাৰণে ইছৰোৱে ১০ দেশৰ লগত বাণিজ্যিক চুক্তি কৰিছে৷ দেশকেইখন হৈছে আমেৰিকা যুক্তৰাষ্ট্র, গ্রেট ব্রিটেইন, জার্মানী, জাপান, ছিংগাপুৰ, নেদাৰলেণ্ড, মালয়েছিয়া, আলজেৰিয়া আৰু ফ্রান্স৷ ২০২০ চনৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ পিছতেই ২০২১ চনত ইছৰোৱে মানৱ মহাকাশ যান প্রেৰণ কৰিব৷ ১.৪ বিলিয়ন মার্কিন ডলাৰ ব্যয়সাপেক্ষ ‘গগনযান’ অভিযান ইছৰোৰ বৃহত্তম আৰু সবাতোকৈ ব্যয়বহুল মহাকাশ অভিযান হ’ব৷

Comments (0)
Add Comment