নাছাৰ অভিলাষী চন্দ্র–মঙল গ্রহ অভিযান

১১জনীয়া দলত স্থান পালে ভাৰতীয় মূলৰ ৰাজা চেৰিয়ে..

নাছাৰ এক অভিলাষী মহাকাশ অভিযানৰ বাবে নির্র্বাচিত তালিকাত স্থান লাভ কৰিছে ভাৰতীয় মূলৰ যুৱকে৷ আমেৰিকাৰ মহাকাশ সংস্থাৰ ভৱিষ্যতৰ চন্দ্র আৰু মঙল গ্রহ অভিযানৰ বাবে অনুষ্ঠিত কৰা দুবছৰীয়া মহাকাশচাৰী প্রশিক্ষণৰ অন্তত ১১গৰাকী নাছাৰ নতুন স্নাতক ডিগ্রীধাৰীক নির্বাচিত কৰে৷ এই ১১জনীয়া তালিকাত অন্তর্ভুক্ত হৈছে ভাৰতীয় মূলৰ আমেৰিকান এয়াৰফ’চৰ কর্নেল ৰাজা জান ভুৰপুত্তৰ চেৰি৷ ২০১৭ চনত আৰম্ভ কৰা এই প্রশিক্ষণৰ বাবে ১৮ হাজাৰ আবেদন–পত্র লাভ কৰিছিল৷ ইয়াৰে ১১গৰাকী মহাকাশচাৰীক নির্বাচন কৰে নাছাই৷ প্রণিধানযোগ্য যে নাছাই ২০২৪ চনত চন্দ্র আৰু ২০৩০ চনত মঙল গ্রহলৈ পঠিয়াব মানৱ৷ উল্লেখ্য যে ভাৰতীয় মূলৰ চেৰিয়ে আমেৰিকান এয়াৰফ’চ একাডেমীত এষ্ট্র’নটিকেল ইঞ্জিনীয়াৰিং আৰু ইঞ্জিনীয়াৰিং ছায়েঞ্চত স্নাতক ডিগ্রী লাভ কৰিছিল৷ যুৱকজনে মেছাচুছেটছ ইনষ্টিটিউট অৱ টেকন’লজীৰ পৰা বিমানচালনাত স্নাতকোত্তৰ ডিগ্রী অর্জন কৰাৰ লগতে আমেৰিকাৰ মেৰীলেণ্ডৰ ইউ এছ নাভাল টেষ্ট পাইলট স্কুলৰ পৰা স্নাতক ডিগ্রী অর্জন কৰে৷ নাছাৰ ভৱিষ্যতৰ মহাকাশ অভিযানকাৰী দলত স্থান লাভ কৰি উৎসাহিত চেৰিয়ে কয় যে তেওঁ পিতৃ শ্রীনিৱাস চেৰিৰ পৰা অনুপ্রেৰণা লাভ কৰিছিল৷ উল্লেখ্য যে চেৰিৰ পিতৃ শ্রীনিৱাসে ডেকাকালতে ইঞ্জিনীয়াৰিং ডিগ্রী লাভ কৰি হায়দৰাবাদৰ পৰা আমেৰিকালৈ গৈ তাত প্রতিষ্ঠা লাভ কৰিছিল৷

Comments (0)
Add Comment