‘নাছা’ৰ ‘ইণ্টার্ন’ ১৭ বছৰীয়া কিশোৰৰ আৱিষ্কাৰ আশ্চর্যকৰ গ্রহ

এখন আকাশত দুটাকৈ সূর্য

এখন আকাশত দুটাকৈ সূর্য এয়া কল্পনা নহয়৷ সঁচাকৈয়ে সীমাহীন মহাকাশত সন্ধান পোৱা গৈছে এনে এক গ্রহৰ৷ আমাৰ পৃথিৱীৰ পৰা ১,৩০০ আলোকবর্ষ দূৰত্বত অৱস্থিত এই বিশেষ গ্রহটো আৱিষ্কাৰ কৰিছে হাইস্কুলৰ এজন ছাত্রই৷ ১৭ বছৰীয়া কিশোৰজনৰ নাম হ’ল উল্ফ কুকিয়াৰ৷ নাছাৰ গডার্ড স্পেচ ফ্লাইট চেণ্টাৰৰ ইণ্টার্ন উল্ফে আৱিষ্কাৰ কৰিছে সুদূৰ মহাকাশত এই আশ্চর্যকৰ গ্রহটো৷ নাছাই উৎক্ষেপণ কৰা টেছ উপগ্রহৰ মাধ্যমেৰে সৌৰজগতৰ বাহিৰত থকা এনে বহু গ্রহ আৱিষ্কাৰ কৰা সম্ভৱ হৈছে৷ কিশোৰ উল্ফে আৱিষ্কাৰ কৰা গ্রহটোৰ নাম হ’ল টি’আই ১৩৮৮ বি৷ এই গ্রহটোৰ আকাৰ নেপচুন আৰু শনি গ্রহৰ মাজতে৷ এই বিশেষ গ্রহটোৱে দুটা নক্ষত্রৰ চাৰিওফালে ঘূৰি থাকে৷ ইয়াৰে এটা নক্ষত্র আমাৰ সূর্যতকৈ ১৫ শতাংশ ডাঙৰ৷ আনটো নক্ষত্রৰ আকাৰ সূর্যতকৈ কিছু সৰু৷ সংবাদ প্রতিষ্ঠানক উল্ফে জানিবলৈ দিয়া মতে তেওঁ এই গ্রহটো আৱিষ্কাৰ কৰে৷ গ্রহটোৱে দুটা নক্ষত্রক প্রদক্ষিণ কৰে৷ উল্ফে আৰু কয় যে তেওঁৰ ইণ্টার্নশ্বিপৰ তৃতীয় দিনা টি’আই ১৩৮৮ বি ছিষ্টেমৰ পৰা এটা সংকেত লাভ কৰে৷ ‘প্রথমতে মই ভাবিছিলোঁ এয়া আছিল এক নক্ষত্র গ্রহণ৷ কিন্তু মোৰ ধাৰণা ভুল আছিল৷ শেষত নিশ্চিত হ’লোঁ এইটো এটা গ্রহ৷’ –উল্ফে কয় এইদৰে৷

Comments (0)
Add Comment