বিজ্ঞান সম্পর্কীয় প্রবন্ধ প্রকাশত বিশ্বৰ তৃতীয় স্থানত ভাৰত

প্রকাশিত প্রবন্ধৰ ৫.৩১ শতাংশই হ’ল ভাৰতৰ...

বিজ্ঞান আৰু অভিযান্ত্রিক প্রবন্ধ প্রকাশৰ ক্ষেত্রত বিশ্বৰ ভিতৰতে ভাৰতে তৃতীয় স্থান লাভ কৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ এক সমীক্ষাত এই তথ্য প্রকাশ পাইছে৷ বৈজ্ঞানিক প্রবন্ধ প্রকাশৰ ক্ষেত্রত বিশ্বৰ ভিতৰত ২০.৬৭ শতাংশৰে প্রথম স্থানত আছে চীন দেশ৷ ১৬.৫৪ শতাংশৰে দ্বিতীয় স্থানত আছে আমেৰিকা৷ আমেৰিকাৰ নেচনেল ছায়েঞ্চ ফাউণ্ডেচন, চমুকৈ এনএছএফে ২০০৮ চনত আৰম্ভ কৰা তথ্যৰ পৰিসংখ্যা মতে ভাৰতে প্রকাশ কৰিছে ৪৮,৯৯৮টা বিজ্ঞান আৰু অভিযান্ত্রিক বিষয়ৰ নিবন্ধ৷ ২০১৮ চনত ভাৰতে প্রকাশ কৰা এনে নিবন্ধৰ সংখ্যা বৃদ্ধি পালে ১,৩৫,৭৮৮টালৈ৷ বিশ্বত প্রকাশ পোৱা বিজ্ঞান আৰু অভিযান্ত্রিক প্রবন্ধৰ ৫.৩১ শতাংশই হ’ল ভাৰতৰ৷ আনহাতে প্রথম স্থানত থকা চীনৰ ক্ষেত্রত পৰিসংখ্যা মতে ২০০৮ চনত ২,৪৯,০৪৯টাৰ পৰা ২০১৮ চনত নিবন্ধৰ সংখ্যা বৃদ্ধি পালে ৫,২৮,২৬৩টালৈ৷ বৃদ্ধিৰ হাৰ ৭.৮১ শতাংশ বার্ষিক৷ এনে নিবন্ধ প্রকাশৰ ক্ষেত্রত দ্বিতীয় স্থানত থকা আমেৰিকাৰ বছৰি বৃদ্ধিৰ হাৰ হ’ল ০.৭১ শতাংশ৷ পৰিসংখ্যা হিচাপত ২০০৮ চনত ৩,৯৩,৯৭৯টাৰ পৰা ২০১৮ চনলৈ বৃদ্ধি পালে ৪,২২,৮০৮টালৈ৷ প্রথম দহটা স্থানত থকা আনকেইখন ৰাজ্য হ’ল ক্রমে জার্মানী (১,০৪,৩৯৬টা), জাপান (৯৮,৭৯৩টা), ব্রিটেইন (৯৭,৬৮১টা), ৰাছিয়া (৮১,৫৭৯টা), ইটালী (৭১,২৪০টা), দক্ষিণ কোৰিয়া (৬৬,৩৭৬টা) আৰু ফ্রান্স (৬৬,৩৫২টা)৷ এনএছএফৰ তথ্য মতে, আমেৰিকা আৰু ইউৰোপিয়ান সংঘৰ পৰা প্রকাশ পোৱা গৱেষণা পত্রিকাসমূহৰ প্রভাৱ সর্বাধিক৷ ইফালে চীনত প্রভাৱশালী প্রকাশন সৃষ্টিৰ ক্ষেত্রত বৃদ্ধিৰ হাৰ দ্রুত৷

Comments (0)
Add Comment