ভাৰতে মহাকাশলৈ পঠিয়াব জিঅ’ ইমাজিং ছেটেলাইট

বতৰৰ বা–বাতৰি সংগ্রহৰ উদ্দেশ্যে ভাৰতে এটা নতুন উপগ্রহ মহাকাশলৈ প্রেৰণ কৰিব৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ মতে  কাইলৈ এই জি’ ইমাজিং ছেটেলাইট (জিআইএছএটি–১) নামৰ উপগ্রহটো উৎক্ষেপণ   কৰাৰ কথা আছিল যদিও কাৰিকৰী কাৰণত স্থগিত ৰাখিছে যদিও অতি সোনকালে ইয়াক উৎক্ষেপণ কৰিব৷ এই উপগ্রহটো মহাকাশলৈ কঢ়িয়াই নিব জিএছএলভি–এফ ১০ নামৰ ৰকেটে৷ এই উপগ্রহটোৰ ওজন ২,২৭৫ কেজি৷ ৰকেটত থকা উৎক্ষেপণ পদ্ধতি ব্যৱহাৰ কৰিয়েই কৃত্রিম উপগ্রহটোৱে চূড়ান্ত জি’ ষ্টেচনাৰী কক্ষপথত প্রৱেশ কৰিব৷ ৪ মিটাৰ ব্যাসার্ধৰ অ’গিং আকাৰৰ এটা পেলোড জিএছএলভিৰ লগত একেলগে যাব ৷

Comments (0)
Add Comment