মহাকাশত ভাৰতৰ নতুন দূত ‘জিএছএটি–৩০’

দেশৰ টেলী সংযোগ ব্যৱস্থাক অধিক উন্নত কৰিবলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে মহাকাশলৈ এটা নতুন কৃত্রিম উপগ্রহ প্রেৰণ কৰিলে৷ যোৱা ১৬ জানুৱাৰীত ভাৰতীয় সময়মতে নিশা ২.৩৫ মিনিটত ফ্রান্স গোয়ানাৰ পৰা এৰিয়ান–৫ ৰকেটযোগে ‘জিএছএটি–৩০’ নামৰ এই উপগ্রহটো মহাকাশলৈ উৎক্ষেপণ কৰা হয়৷ এই একেটা ৰকেটতে এটা ইউৰোপিয়ান কৃত্রিম উপগ্রহো মহাকাশলৈ পঠিওৱা হয়৷ মহাকাশত ভাৰতৰ ‘দূত’ হৈ কার্য সম্পাদন কৰিব লগা এই কৃত্রিম উপগ্রহটোৰ ওজন প্রায় ৩,৩৫৭ কিলোগ্রাম৷ ইছৰোৰ অধ্যক্ষ কে শিৱানে জানিবলৈ দিয়া মতে, এই কৃত্রিম উপগ্রহটোৱে মহাকাশত ডিজিটেল প্রযুক্তি নির্ভৰ তথ্যৰ লেনদেনৰ কাম কৰিব৷ ‘জিএছএটি–৩০’য়ে মূলতঃ ডিটিএইচ, এটিএম, শ্বেয়াৰ বজাৰ, টেলিভিছন সংক্রান্তীয় সেৱাসমূহ উন্নত কৰিব৷ ভাৰতৰ উপৰি অষ্ট্রেলিয়া আৰু আন কেইবাখনো দেশো এই উপগ্রহৰ দ্বাৰা উপকৃত হ’ব৷ ইছৰোৱে জনোৱা মতে উৎক্ষেপণৰ ৩৫ মিনিট ২৫ ছেকেণ্ডৰ পাছতে ৰকেটৰ পৰা বিচ্ছিন্ন হয় ভাৰতীয় উপগ্রহটো৷ আগন্তুক সময়ত উপগ্রহটোৰ উচ্চতা সালসলনি ঘটোৱাৰ পাছত নিৰক্ষৰেখাৰ ৩৬ হাজাৰ কিলোমিটাৰ ওপৰত এক কক্ষপথত ইয়াক স্থাপন কৰা হ’ব৷

Comments (0)
Add Comment