১০ টকাতেই তেজৰ বহু পৰীক্ষা

অভিনৱ পথ দেখুৱালে খড়গপুৰ আই আই টিয়ে

তেজৰ মূল উপাদানসমূহ বঢ়া–টুটা কৰিছে নেকি– তাৰ প্রাথমিক পৰীক্ষা কৰিব পৰা যাব মাত্র ১০ টকাতে৷ এখন সাধাৰণ পেথ’লজিকেল লেবৰেটৰীত এনে পৰীক্ষা কৰোঁতে খৰচ হয় ২৫০–৩০০ টকা৷ আনহাতে নামী–দামী লেবত এই সকলো পৰীক্ষাৰ বাবত ভৰিব লাগে ৫০০ টকা বা তাতকৈ বেছি৷ খড়গপুৰ আইআইটিয়ে উদ্ভাৱন কৰা পদ্ধতিত আমাৰ শৰীৰৰ পৰা এই পৰীক্ষাৰ বাবে চিৰিঞ্জত তেজ ভৰোৱাৰ প্রয়োজন নাই৷ মাত্র ১ বিন্দু (১ লিটাৰৰ ১ লক্ষ ভাগৰ মাত্র এভাগ) তেজ পৰীক্ষা কৰিলেই জনা যাব আমাৰ তেজত হিমটোক্রিট, হিম’গ্লবিন, শ্বেত ৰক্তকণিকা, লোহিত ৰক্তকণিকাৰ সংখ্যা ঠিকেই আছে নে বা বঢ়া–কমা কৰিছে৷ জ্বৰৰ পৰা আৰম্ভ কৰি কেঞ্চাৰলৈকে সকলো বেমাৰতে চিকিৎসকে প্রাথমিকভাৱে তেজৰ পৰীক্ষা কৰিবলৈ দিয়ে৷ এনে তেজ পৰীক্ষা খুব সহজ, কম খৰচী কৰাৰ উপায় উদ্ভাৱন কৰিছে খড়গপুৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী (আইআইটি)ৰ অধ্যাপক সুমন চক্রৱর্তীৰ নেতৃত্বত এদল গৱেষকে৷ এই দলটোৰ অন্যতম সদস্য হ’ল ৰাহুল আগৰৱালা, দেৱদীপ মুখোপাধ্যায়, অর্ণৱ সৰকাৰ আৰু অর্কভৌমিক৷ গৱেষণাপত্রখন প্রকাশিত হৈছে আন্তর্জাতিক বিজ্ঞান আলোচনী ‘বায়’ছেন্সর্ছ এণ্ড বায়’ইলেক্ট্রনিক্স’ত৷

Comments (0)
Add Comment