চীনত আৱিষ্কাৰ ১২০ মিলিয়ন বছৰ পূর্বৰ ডাইন’ছৰৰ জীৱাশ্ম

চীনত উদ্ধাৰ হৈছে ১২০ মিলিয়ন বছৰ প্রাচীন নতুন প্রজাতিৰ ডাইন’ছৰৰ জীৱাশ্ম আৰু পাখি৷ ‘ডেঞ্চিং ড্রেগন’ নামৰ এই ডাইন’ছৰৰ সৈতে চৰাইৰ বিৱর্তনৰ ব্যৱধান সন্দর্ভত আলোকপাত কৰিব পৰা যাব বুলি অনুমান কৰা হৈছে৷ তথ্য মতে, দুঠেঙীয়া ক্রেটাছিয়াছ যুগৰ এই ডাইন’ছৰৰ প্রজাতিটো কাউৰীতকৈ অলপ ডাঙৰ আছিল৷ উল্লেখ্য যে প্রায় এক দশক পূর্বে চীনৰ জেহুলস্থিত এজন কৃষকে এই ডাইন’ছৰৰ দেহৰ অৱশিষ্ট উদ্ধাৰ কৰিছিল৷ কিন্তু কিছুদিন পূর্বলৈকে এই সন্দর্ভত কোনো গৱেষণা বা তদন্ত কৰা হোৱা নাছিল৷ এনাটমিকেল ৰেকর্ডে প্রকাশ কৰা এক গৱেষণা পত্রত প্রকাশ পোৱা মতে, কংকালটোৰ লগতে পাখিৰ সৈতে সাদৃশ্য থকা পাতল টিছ্যু উদ্ধাৰ হৈছে৷ প্রতিবেদনত আৰু প্রকাশ পোৱা মতে, প্রাণীটোৰ পাখি আৰু ভৰি চৰাইৰ সৈতে মিল আছে আৰু তাৰ দীঘলীয়া হাড়ৰ নেজ আছিল৷ নেজত আছিল ডাঙৰ দুখন পাখি৷ ছান ডিয়েগো নেচাৰেল হিষ্ট্রী মিউজিয়ামৰ জীৱাশ্মবিদ এছলে বাউষ্টে জনোৱা মতে, নমুনাৰ অংগ আৰু নেজ প্রাপ্তবয়স্ক চৰাইৰ দৰে, কিন্তু আন বৈশিষ্ট্যসমূহ চালে চৰাইৰ পোৱালি যেন লাগে৷ তেওঁ আৰু কয় যে এই ডাইন’ছৰসমূহে আধুনিক পক্ষীৰ তুলনাত এক ভিন্ন ধৰণে নিজৰ পাখিৰ বিকাশ ঘটাইছিল৷

Comments (0)
Add Comment