প্ৰথমগৰাকী ভাৰতীয় তাৰকা হিচাপে অমিতাভৰ কণ্ঠত শুনা যাব আমাজনৰ এলেক্সা

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ জীৱনৰ প্ৰতিটো খোজত এতিয়া সকলোৰে একমাত্ৰ ভৰসা হৈ পৰিছে এলেক্সা।

আমাজনৰ এই ৱায়ৰলেছ ডিভাইছটো এটা মাততে আপোনাৰ সুখ আৰু দুখৰ সংগী হৈ পৰে। এইবাৰ এই পৰিসেৱাৰ সৈতে সংস্থাটোৱে নতুনকৈ এক সংযুক্ত কৰিছে এক টুইষ্ট।

এতিয়াৰ পৰা অমিতাভ বচ্চনৰ কণ্ঠত শুনা যাব এলেক্সা! সোমবাৰে এই কথা জনালে আমাজনে।

বিগ বি-হৈছে প্রথম ভাৰতীয় চেলেব্রিটি, যাৰ কণ্ঠ এলেক্সাৰ (Alexa) কণ্ঠ হিচাপে শুনা যাব। ভাৰতীয় ইউজাৰসকলৰ কথা ভাবি অমিতাভৰ সৈতে হাত মিলাইছে আমাজনে। ইপিনে মার্কিন কোম্পানিৰ সৈতে কাম কৰাৰ সুযোগ পাই খুবেই সুখ প্ৰকাশ কৰিছে বলিউডৰ শ্বেহনচাহেও।

অভিনেতাগৰাকীয়ে কয়, “প্রযুক্তিয়ে মোক নানাধৰণে আত্মপ্রকাশৰ সুযোগ কৰি দিছে। সেয়া টিভি হওক, বা চিনেমা, পডকাষ্ট- সকলোক্ষেত্রতেই নানাধৰণে নিজকে মিলি যাবলৈ চেষ্টা কৰিছোঁ। এইবাৰ এলেক্সাৰ বাবে কণ্ঠ দিয়াক লৈও মই খুব এক্সাইটেড।”