৫ জি ইণ্টাৰনেটৰ স্পীড দিবলৈ আহি আছে জিঅ’ৰ স্মাৰ্ট ফোন

নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ   স্মাৰ্ট ফোনৰ বজাৰত প্ৰৱেশ কৰিব জিঅ’। প্ৰায় ১০ কোটি এণ্ড্ৰয়ড স্মাৰ্ট ফোন মুকলি কৰাৰ পৰিকল্পনা জিঅ’ৰ। জানিব পৰা মতে গুগলৰ লগত সংযুক্ত কৰি চলিত বৰ্ষৰ ডিচেম্বৰতে ভাৰতীয় বজাৰত মুকলি কৰাৰ পৰিকল্পনা কৰিছে প্ৰতিষ্ঠানটোৱে । ইয়াৰ উপৰিও ৪ জি নেটৱৰ্কৰ লগতে ৫ জি ইণ্টাৰনেটৰ স্পীড দিবলৈ পৰিকল্পনা কৰিছে প্ৰতিষ্ঠানটোৱে। উল্লেখ্য যে জিঅ’ই ইতিমধ্যে গুগলৰ লগত এক চুক্তি সম্পাদন হৈছিল আৰু এই চুক্তিৰ ভিত্তিতেই  কমদামী স্মাৰ্ট ফোন সমূহ নিৰ্মাণ কৰা হৈছে।