ফ’ৰ্ডৰ এনডিয়েভ’ৰৰ বিশেষ সংস্কৰণ মুকলি

নিয়মীয়া বাৰ্তা, ২৫  ছেপ্টেম্বৰঃ ব’ল্ড কলা বহিৰভাগৰ সৈতে ফ’ৰ্ড এনডিয়েভ’ৰৰ বহু প্রত্যাশিত স্পর্টছ সংস্কৰণে যিকোনো অঞ্চল জয় কৰিবলৈ সাজু হৈ উঠিছে৷ দেশজুৰি ৩৫.১০ লাখ টকাত আৰম্ভ হ’ব এই বিশেষ সংস্কৰণখনৰ বিক্রী৷

বাহনৰ উপৰিভাগৰ ৫০ শতাংশ সামৰি লোৱাকৈ আগবঢ়োৱা হৈছে এক পেনোৰেমিক ছান–ৰুফ, গাড়ীখন এবছ’লিউট ব্লেক, ডিফিউজড ছিলভাৰ আৰু ডায়মণ্ড হোৱাইটত উপলব্ধ হ’ব৷