এফালে বয়কট চীনঃ আনফালে দেশত একেদিনাই ১.৩০ লাখ বিক্ৰী হ’ল চীনা কোম্পানীৰ এইটো স্মাৰ্টফোন

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ আত্মনিৰ্ভৰ ভাৰতৰ প্রচাৰণ আৰু বিদেশী সংস্থাৰ অবিৰাম প্রচেষ্টা সত্ত্বেও, এতিয়াও কোনো সংস্থা উলোৱা নাই যিয়ে ভাৰতৰ বজাৰত চীনা সংস্থাৰ স্মার্টফোনৰ সৈতে প্রতিযোগিতা কৰিব পাৰে।

ভাৰতত চীনা স্মাৰ্টফোনৰ জনপ্ৰিয়তাৰ কথা ইয়াৰ পৰায়ে অনুমান কৰিব পাৰি যে শুকুৰবাৰে Poco M2 ৰ প্ৰথম বিক্ৰীত কোম্পানীটোৱে ইয়াৰ ১.৩০ লাখ উইনিট বিক্ৰী সম্পূৰ্ণ কৰে।

উল্লেখ্যনীয় যে এই স্মাৰ্টফোনটো ফ্লিপকাৰ্ট (Flipkart) ৰ যোগেদি এক্সক্লুচিব বিক্ৰী কৰা হৈছিল।

এই ফোনটোৰ প্ৰথম আৰম্ভণি বিক্ৰীমূল্য ১০,৯৯৯ টকা। ইয়াত ৫,০০০ mAh ৰ পাৱাৰফুল বেটাৰী আৰু ফটোগ্ৰাফিৰ বাবে চাৰিটা কেমেৰা দিয়া হৈছে। POCO M2 ৰ দ্বিতীয় বিক্ৰী কেতিয়া হ’ব কোম্পানীটোৱে এই পৰ্যন্ত কোনো জাননী জাৰি কৰা নাই।