ঢকুৱাখনাত ভাৰতীয় জনতা পাৰ্টীৰ বিশাল গণ সমাৱেশত শিক্ষামন্ত্ৰী ৰণোজ পেগু

নিয়মীয়া বাৰ্তা সোণাৰি চাপৰি ১৭ নৱেম্বৰ :  শাসনাধিষ্ঠিত ৰাজ্য চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেৰ গ্‌হ সমষ্টিৰ বকুলগুৰিত আজি অনুস্থিত কৰা হয় ভাৰতীয় জনতা পাৰ্টিৰ বিশাল গণ সমাবেশ ৷ ভাৰতীয় জনতা পাৰ্টিৰ ঢকুৱাখনা মণ্ডল সমিতিৰ উদ্যোগত বকুলগুৰিৰ ব্ৰক্ষ্মপুত্ৰ ডিগ্ৰী মহাবিদ্যালয় খেলপথাৰত ভাজপাৰ ঢকুৱাখনা মণ্ডল সমিতিৰ সভাপতি সুনীল দলেৰ সভাপতিত্বত অনুস্থিত বিশাল গণ সমাবেশত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু ৷ ঢকুৱাখনা জিলা সমিতিৰ সভাপতি প্ৰদীপ চমুৱাই আদৰণী ভাষণ প্ৰদান কৰা গণ সমাবেশত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনা বিধায়ক তথা টিম ঢকুৱাখনাৰ নেতা নৱ কুমাৰ দলে, লখিমপুৰ জিলা পৰিষদৰ সভাপতি মঞ্জু বৰ গোহাঁই, ঢকুৱাখনা পৌৰসভাৰ পৌৰপতি ৰাজীৱ দাসৰ লগতে বহু সংখ্যক ৰাজ্যিক, জিলা, মণ্ডল, আঞ্চলিক বিজেপিৰ নেতা কৰ্মীৰ উপৰি ১০ হাজাৰৰো অধিক লোক উপস্থিত থাকে ৷ সমাবেশত মুখ্য অতিথি হিচাপে উপস্থিত থাকি শিক্ষামন্ত্ৰীগৰাকীয়ে ২০১৪ চনৰ আগৰ ঢকুৱাখনাৰ অৱস্থাৰ কথা মনত পেলাবলৈ আহ্বান জনাই বিগত ২৫ বছৰীয়া ঢকুৱাখনাৰ বিধায়ক ভৰত নৰহ আৰু লখিমপুৰ প্ৰাক্তন সাংসদ ৰাণী নৰহক চোকা সমালোচনা কৰি নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ঢকুৱাখনাত হোৱা পৰিৱৰ্তনৰ বিষয়েও অৱগত কৰে ৷ তদুপৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেত্‌ত্বাধীন ৰাজ্য চৰকাৰৰ অভিলাষী আচঁনিৰ সফল ৰূপায়ণ আৰু ৰাষ্টা-ঘাট উন্নয়নৰ বিষয়েও অৱগত কৰি বগীবিলৰ পৰা মাজুলীলৈ ব্ৰক্ষ্মপুত্ৰ নদীৰ মথাউৰি পকী কৰণৰ কাম সম্পুৰ্ণ হলেই মুখ্যমন্ত্ৰীগৰাকীয়ে বগীবিলৰ পৰা ঢকুৱাখনাৰ মাতমৰা হৈ মাজুলীলৈ মটৰ চাইকেলেৰে যাত্ৰা কৰিব বুলিও জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ সমাবেশত অংশগ্ৰহণ কৰি ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে আৰু সাংসদ প্ৰদান বৰুৱাই নিজৰ নিজৰ বক্তব্যত বিজেপি শাসিত ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ দিনত সমষ্টিত হোৱা পৰিৱৰ্তন আৰু উন্নয়নৰ খতিয়ান দাঙি ধৰি কংগ্ৰেছ দলক চোকা সমালোচনা কৰে ৷

প্ৰেৰক  ৰাজেশ বুঢ়াগোহাঞি

Featured