মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীত নাম সমাৰোহ আৰু ফল্গূৎসৱ সামৰণি

নিয়মীয়া বাৰ্তা : ৮ মাৰ্চ : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্মস্থান লেটেকুপুখুৰীত  দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নাম সমাৰোহ আৰু ফল্গূৎসৱৰ কালি সামৰণি পৰে।সহস্ৰাধিক ভকত-বৈষ্ণৱৰ হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰে মহাপুৰুষ গুৰুজনাৰ জন্মস্থান লেটেকুপুখুৰী।কাৰ্যসূচী অনুসৰী  প্ৰথম দিনাৰ পুৱাৰ ভাগত জন্মস্থান পৰিচালনা সমিতিৰ সভাপতি তথা মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে ধৰ্মধ্বজা উত্তোলনেৰে শুভাৰম্ভ কৰা নাম সমাৰোহ আৰু ফল্গূৎসৱৰ  দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি কালি পুৱাৰ ভাগত পৰিবেশ নিকাকৰণৰ পিছতে ৯ বজাৰ পৰা বলোৰাম শইকীয়া বৰগায়নে জন্মস্থানৰ নিত্য প্ৰসংগ কৰাৰ পিছতে ১০ বজাত উলিওৱা হয় বৰ্ণিল ধৰ্ম্মীয় সাংস্কৃতিক শোভাযাত্ৰা।জন্মস্থান পৰিচালনা সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত প্ৰায় ২০ কিলোমিটাৰ জোৰা পথ অতিক্ৰম কৰি পুনৰ জন্মস্থানত উপস্থিত হোৱা ভাগৱত শোভাযাত্ৰাত নাৰায়ণপুৰৰ শ্ৰীশ্ৰী ধুৱাহাট বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীৰ লগতে সহস্ৰাধিক ভকত-বৈষ্ণৱে অংশগ্ৰহণ কৰে।সমান্তৰালকৈ কীৰ্ত্তন গৃহত চলি থাকে আই সকলৰ অবিৰত নাম কীৰ্ত্তন। বিয়লি নাম সমাৰোহৰ সামৰণি আৰু প্ৰসাদ বিতৰণৰ  পিছতে সন্ধিয়া সামুহিক বন্তিপ্ৰজ্বলনেৰে দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠিত নাম সমাৰোহ আৰু ফল্গূৎসৱৰ সামৰণি পৰে।ফল্গূৎসৱৰ জৰীয়তে জাতি বৰ্ণ নিৰ্বিশেষে সকলোৰে শান্তি-সম্প্ৰীতি কামনা কৰে সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী আৰু সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীয়ে।
চন্দন শইকীয়া