মূকবধিৰ নাবালিকাক দীর্ঘদিনে যৌন শোষণঃ ৩ সন্তানৰ লম্পট পিতৃক জে’ললৈ বিজয়নগৰ আৰক্ষীৰ

নিয়মীয়া বার্তা, ৮ ডিচেম্বৰঃ এগৰাকী মূকবধিৰ নাবালিকাক সুদীর্ঘ কাল ধৰি যৌন শোষণ চলাই অহা তিনিটা সন্তানৰ পিতৃ এজনক শনিবাৰে বিজয় নগৰ আৰক্ষীয়ে জে’ললৈ প্রেৰণ কৰে৷ দক্ষিণ কামৰূপ জিলাৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তর্গত ধলিপাৰ গাঁৱৰ ৷ তিনিটা সন্তানৰ পিতৃ গিৰেন দাসে (৪২) ওচৰৰেই এগৰাকী মূকবধিৰ নাবালিকাক ঘৰত কোনো নথকা অৱস্থাত ফুচুলাই ফুচুলাই বহুদিন ধৰি অনৈতিকভাৱে ব্যৱহাৰ কৰি আহিছিল বুলি নাবালিকাৰ পৰিয়ালে বিজয়নগৰ আৰক্ষী চকীত যোৱা ২৬ নৱেম্বৰত এখন এজাহাৰ দাখিল কৰিছিল৷ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ততাতৈয়াকৈ তদন্ত আৰম্ভ কৰে যদিও নাবালিকাগৰাকীয়ে মুখেৰে ক’ব নোৱাৰা আৰু কাণেৰে একো নুশুনাবাবেই অভিযুক্তক চিনাক্ত কৰি আটক কৰাত প্রথমাৱস্থাত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ অভিযুক্তক চিনাক্ত কৰাত নাবালিকাৰ প্রকাশভংগীত আৰক্ষী প্রথম অৱস্থাত দোধোৰ–মোধোৰত পৰিছিল৷ আনফালে নাবালিকাগৰাকীয়ে ইতিমধ্যে পাঁচ মাহৰ গর্ভৱতী বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নিশ্চিত হোৱাহেতুকে নাবালিকাগৰাকীৰ নিৰাপত্তা আৰু ভৱিষ্যৎ সুৰক্ষা নিশ্চিতিৰ বাবে আৰক্ষীয়ে লগে লগে আমিনগাঁওস্থিত আদালতত হাজিৰ কৰায়৷ আদালতত মূকবধিৰ বিদ্যালয়ৰ অভিজ্ঞ শিক্ষকৰ দ্বাৰাই নির্যাতিতাৰ পৰা অভিযুক্তৰ তথ্য সংগ্রহ কৰে আৰু পৰৱর্তী সময়ত বিজয়নগৰ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া কবিন্দ্র ৰাভাৰ নেতৃত্বত অভিযুক্ত গিৰেন দাসক আটক কৰিবলৈ সক্ষম হয়৷ আটক কৰাৰ সময়ত অভিযুক্ত গিৰেন দাসে আৰক্ষীৰ কবলৰপৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও ভাৰপ্রাপ্ত বিষয়া ৰাভাই কৌশলেৰে আটক কৰিবলৈ সক্ষম হয়৷ পিছত আৰক্ষীয়েPLB.C/No 570/19, U/S 376 (2)(I) IPC, R/W sec 4 of pocso act ত এটা গোচৰ ৰুজু কৰি আজি তেওঁক জে’ল–হাজোতলৈ প্রেৰণ কৰে ৷

Comments (0)
Add Comment