মৰিয়নিত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত

বিশেষ বাৰ্তা, ১৭ নৱেম্বৰঃ মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই যোৱা বনৰীয়া হাতীজাকে বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰি আহিছে । নিশা হ’লেই এতিয়া কেতবোৰ অঞ্চলত আতংকৰ নাম হৈ পৰিছে হাতী জাক । নিতৌ জনাঞ্চলত প্ৰৱেশ কৰি ঘৰ দুৱাৰৰ ক্ষতিসাধন কৰাৰ লগতে ধাননি পথাৰ তহিলং কৰি আহিছে হাতী জাকে । কালি নিশাও হাতীপালে মৰিয়নিৰ সমীপৰ চৈকটা চাহ বাগিচাত প্ৰৱেশ কৰি ১৫ টাৰো অধিক বাসগৃহ ভাঙি বিস্তৰ ক্ষতিসাধন কৰে । নিশা প্ৰায় দহ মান বজাত বাগিচাখনত প্ৰবেশ কৰা হাতীৰ জাকটোৱে বাগিচাখনৰ নতুন লাইন আৰু এক নম্বৰ লাইনত কেবাটাও ঘৰ ভাঙে । হাতী জাকে অঞ্চলটোৰ ধনেশ্বৰ ধৰকাৰ, অমিত তাঁ‌তী, দুৰ্গা তাঁ‌তী, ইলা পাটনায়ক, ফাগু মুণ্ডা, দিলীপ পাটনায়ক, অজয় পাটনায়ক, বেলা পাত্ৰ – বিপুল পাত্ৰ, লক্ষ্মী কেওট – অশোক কেওট, ব্ৰহ্মা পাটনায়ক, মুন্না পাটনায়ক, জীৱন তাঁ‌তী, সুৰেশ তাঁ‌তীকে ধৰি ১৫ টা শ্ৰমিক পৰিয়ালৰ বাসগৃহৰ অনিষ্ট সাধন কৰে । তাৰোপৰি হাতী জাকে বিধ্বস্ত কৰা ঘৰকেইটাৰ চাউল আদি খাই অনিষ্ট কৰাৰ লগতে মূল্যবান সামগ্ৰী, আচবাব আদিৰো ক্ষতিসাধন কৰে । বন্য হস্তীৰ জাকটোৱে বাগিচাখনৰ শ্ৰমিকৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰাত দুখীয়া শ্ৰমিক পৰিয়ালকেইটাৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । তাৰোপৰি নেৰানেপেৰা বৰষুণে ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাৰ অৱস্থা অধিক শোচনীয় কৰি তুলিছে । ইয়াৰ পূৰ্বে হাতীৰ জাকটোৱে নগাধুলি নগাপথাৰ অঞ্চলৰ পথাৰত ধাননিত সোমাই পকা ধানৰ বিস্তৰ অনিষ্ট সাধন কৰে । বন বিভাগৰ লোক আৰু স্থানীয় ৰাইজে হাতী জাকক তাৰ পৰা খেদি পঠিয়াই যদিও কাষৰে গজপুৰীয়া, ঔগুৰি আদি অঞ্চলত প্ৰৱেশ কৰি তাণ্ডৱ চলায় । পকা ধানৰ গোন্ধে মতলীয়া কৰা হাতী জাকে দিনৰ ভাগত চৈকটা চাহ বাগিচাৰ এখন জোপোহানিৰ মাজত আশ্ৰয় লৈ থকা বুলি জানিব পৰা গৈছে । ৰাতি হ’লেই হাতী জাকে তাৰ পৰা ওলাই আহে আৰু বিভিন্ন অঞ্চলত উপদ্ৰৱ আৰম্ভ কৰে । উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে হাতী জাকক তিতাবৰৰ চেঁচা সত্ৰৰ সমীপৰ পৰা বন বিভাগে খেদি আনি হোলোঙাপাৰ গিবন অভয়াৰণ্যত সোমোৱাইছিল যদিও পিছদিনাই পুনৰ হাতী জাক ওলাই আহে । বৰ্তমানেও হাতী জাকে অঞ্চলটোত অৱস্থান কৰি থকাত অঞ্চল বাসী আতংকিত হৈ পৰিছে । একেদৰে বিনিদ্ৰ ৰজনী পাৰ কৰিব লগীয়া হৈছে বনৰীয়া হাতীৰ উপদ্ৰুত অঞ্চলসমূহৰ ৰাইজে । । ইয়াৰ বিপৰীতে বন বিভাগে হাতী জাকৰ বিৰুদ্ধে কোনো ব্যৱস্থাই গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ‘হাতী খেদাৰ’ নামত কেইজনমান বনকৰ্মী নিয়োগ কৰিয়েই দায়িত্ব সামৰিছে বন বিভাগে । নাই কোনো সুদূৰপ্ৰসাৰী পৰিকল্পনা । ইফালে গিবনৰ হাতী শেহতীয়াভাৱে অত্যন্ত খঙাল আৰু আক্ৰমণাত্মক হৈ পৰা বুলি বন বিভাগৰ সূত্ৰই জানিবলৈ দিছে । কিছুদিন পূৰ্বে এই জাক টোৰ হাতীৰ আক্ৰমণতেই এজন বনকৰ্মীৰ মৃত্যু হোৱাৰ লগতে কেবাজনো বনকৰ্মী আহত হৈছে । সেয়েহে হাতী জাকৰ পৰা নিৰাপদ দূৰত্ব বজাই ৰাখিবলৈ ৰাইজৰ প্ৰতি বন বিভাগে আহ্বান জনাইছে । আনহাতে, বনৰীয়া হাতী জাকৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবৰ বাবে উপদ্ৰুত অঞ্চলৰ ৰাইজে বন বিভাগৰ প্ৰতি আহ্বান জনাইছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

Featured