১৮ নৱেম্বৰৰ পৰা সংসদৰ অধিৱেশনঃ আহিব CAB!

এই বিধেয়কখনৰ সংশোধনীৰ জৰিয়তে লোকসভাৰ শীতকালিন অধিৱেশনত উত্থাপন কৰা হ'ব যদিও আনুষ্ঠানিকভাৱে লোকসভা আৰু ৰাজ্যসভাৰ অনুমোদন লাভ কৰিলে অসমত হিন্দু বাংলাদেশীৰ নাগৰিকত্ব লাভৰ পথ মুকলি হ'ব ।

নিউজডেস্ক, ১৫ নৱেম্বৰঃ বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন অহা ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ শীতকালিন অধিৱেশনত উত্থাপন কৰা হ’ব । বৃহস্পতিবাৰে লোকসভাৰ কাৰ্যক্ৰমণিকাৰ ১৬ সংখ্যক বিধেয়ক হিচাপে নাগৰিকত্ব সংশোধনী বিধেয়কখন আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হৈছে । জানিব পৰা মতে মাজনিশা কাৰ্যক্ৰমণিকাত লিপিবদ্ধ হোৱা মতে বিধেয়কখনৰ উত্থাপন, আলোচনা আৰু অনুমোদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । এই বিধেয়কখনৰ সংশোধনীৰ জৰিয়তে লোকসভাৰ শীতকালিন অধিৱেশনত উত্থাপন কৰা হ’ব যদিও আনুষ্ঠানিকভাৱে লোকসভা আৰু ৰাজ্যসভাৰ অনুমোদন লাভ কৰিলে অসমত হিন্দু বাংলাদেশীৰ নাগৰিকত্ব লাভৰ পথ মুকলি হ’ব । উল্লেখ্য যে সংসদৰ আগন্তুক শীতকালিন অধিৱেশনত মুঠ ২৭ খন বিধেয়ক উত্থাপন তথা অনুমোদনৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে । নাগৰিকত্ব সংশোধনী বিধেয়কখন বিশেষকৈ পশ্চিমবংগৰ আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি পূৰ্বৰ বিধেয়কখনৰ কিছু সালসলনি কৰা হৈছে বুলি বিভাগীয় সূত্ৰে জানিব পৰা গৈছে । মূলতঃ কিমান বছৰ দেশত বসবাস কৰিলে নাগৰিকত্ব লাভ কৰিব পাৰে সেইক্ষেত্ৰত নতুন দিহা প্ৰদান কৰা হ’ব । লক্ষণীয় যে পূৰ্বৰ বিধেয়কখনত চুবুৰীয়া ৰাষ্ট্ৰৰ সংখ্যালঘু নাগৰিকে ভাৰতত কমেও ছবছৰ বসবাস কৰিলে নাগৰিকত্ব লাভৰ বাবে আবেদন জনাব পাৰিব বুলি উল্লেখ আছিল ।

assamCABFeatured