ৰঞ্জি ট্রফীঃ আজিৰে পৰা অসম–ঝাৰখণ্ডৰ মেচ

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ৰঞ্জি ট্রফী ক্রিকেট প্রতিযোগিতাত মঙলবাৰৰ পৰা দ্বিতীয়খন মেচ খেলিব অসমে ৷ ৰাঁচীত অনুষ্ঠিত হ’বলগীয়া মেচখনত শিৱশংকৰ ৰয় নেতৃত্বাধীন দলটোৰ প্রতিদ্বন্দ্বী হ’ব ঘৰুৱা দল ঝাৰখণ্ড ৷

উল্লেখ্য যে মেচখন গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও অসমৰ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বি চি চি আয়ে শেষ মুহূর্তত গ্রুপ পর্যায়ৰ এই মেচখন ৰাঁচীলৈ স্থানান্তৰিত কৰে ৷

ছার্ভিচেছৰ বিৰুদ্ধে অসমে খেলা প্রথমখন মেচৰ অন্তিম দিনৰ খেল ৰাজ্যৰ অশান্ত পৰিস্থিতিৰ বাবে বাতিল হৈছিল ৷ তৃতীয় দিনা মাত্র ৭৪ ৰানৰ ভিতৰতে পাঁচটাকৈ উইকেট হেৰুৱাই অসমে পৰাজয়ৰ আশংকাত ভুগিছিল যদিও মেচ বাতিল হোৱাত দলটোৱে প্রথম ইনিংছৰ অগ্রগতি সূত্রে মূল্যৱান তিনি পইণ্ট লাভ কৰিবলৈ সক্ষম হয় ৷

প্রতিভাৱান বেটছমেন ৰিয়ান পৰাগ আৰু অধিনায়ক শিৱশংকৰ তথা অভিজ্ঞ বেটছমেন গকুল শর্মা দলটোৰ প্রধান ভৰসা হ’ব ৷

Assam Cricket TeamFeaturedSearch Results Web results 2019–20 Ranji Trophy
Comments (0)
Add Comment