৮ বছৰৰ অন্তত পোহৰেৰে উজলিল ড° ভূপেন হাজৰিকা সেতু

🔴৪৮৪টা ছলাৰ লাইটেৰে উজলিল ড° ভূপেন হাজৰিকা সেতু

🔴সামাজিক মাধ্যমত ভাইৰেল ন ৰূপৰ ড° ভূপেন হাজৰিকা সেতু’ৰ ফটো

নিয়মীয়া বাৰ্তা, ২৬ জুন : বহু প্ৰতীক্ষা তথা জল্পনা কল্পনাৰ অন্তত অৱশেষত সংযোগ হল দেশৰ দীৰ্ঘতম নদী দলং তথা ধলা শদিয়া সংযোগী ড° ভূপেন হাজৰিকা সেতুত চলাৰ লাইট। সুদীৰ্ঘ ৮ বছৰৰ অন্তত সম্প্ৰতি আলোকৰেৰে আলোকিত হল ড° ভূপেন হাজৰিকা সেতু। কালি হঠাৎ উজলি উঠিল ড° ভূপেন হাজৰিকা সেতু। উল্লেখ্য যে বৰ লুইতৰ পানছৈ ঘাট, অসীমলৈ নাও এৰি দিয়া নাওৰীয়া জন, আৰু সিপাৰলৈ চাই ৰোৱা এজাক জলপথৰ যাত্ৰী। এতিয়া নাই সেই ঘাট, নাওৰীয়া অথবা সিপাৰলৈ চাই ৰোৱা জলপথৰ যাত্ৰী জাক। এতিয়া সকলোয়ে যায় শদিয়ালৈ, বৰ লুইতৰ ওপৰেৰে আশাৰ হেপাঁহৰ দলঙেৰে। কাৰণ বিশিষ্ট তথা প্ৰায়ত কণ্ঠ শিল্পী খগেন মহন্তই সেই তাহানিতেই গোৱাৰ দৰে (শদিয়া নো কি, ৰিং এটাৰ বাট) শদিয়া যেন আজি ৰিং এটাৰ বাট। শদিয়াবাসীৰ বিপদসংকুল নৌকা যাত্ৰাৰ অৱসান ঘটাবলৈ বিগত ২০১১ বৰ্ষত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ ওপৰত দক্ষিণে তিনিচুকীয়া জিলাৰ ছৈখোৱা(ধলা )আৰু উত্তৰে শদিয়া মহকুমাক সংযোগ কৰা দেশৰ দীৰ্ঘতম নদী দলং “ধলা-শদিয়া দলং”। পৰৱৰ্তী সময়ত ২০১৭ বৰ্ষৰ ২৬ মে’ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজৰ বাবে শুভ-উদ্বোধন কৰি ৯.১৫ কি.মি. দৈঘ্যৰ এচিয়া মহাদেশৰ ভিতৰত দ্বিতীয় আৰু ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম দীৰ্ঘতম এই দলংখন অসমবাসীৰ হিয়াৰ আমঠু ড° ভুপেন হাজৰিকাৰ নামত নামকৰণ কৰিছিল। আনন্দত আত্মহাৰা হৈছিল প্ৰতিজন অসমীয়া। দলং শুভ-উদ্বোধনীৰ পাছত কাষৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশৰ সৈতে ব্যৱসায় বাণিজ্য তথা যোগাযোগৰ ক্ষেত্ৰত সুচল হৈ পৰাৰ লগতে অসমবাসীৰ হিয়াৰ আমঠু ড° ভূপেন হাজৰিকাৰ নামত নামাংকৃত হোৱা দেশৰ দীৰ্ঘতম দলং খনক এবাৰ স্বচক্ষে প্ৰত্যক্ষ কৰাৰ উদ্দেশ্য বিভিন্ন প্ৰান্তৰ পৰা বহুসংখ্যক লোকে আজিও ভিৰ কৰাহি পৰিলক্ষিত হয় এই ড° ভুপেন হাজৰিকা সেতুত। ন-দিহিং, টেঙাপানী, কুণ্ডলী, লুহিত আৰু দিবাং নদীৰ সংগমস্থলী তথা মহাবাহু ব্ৰক্ষ্মপুত্ৰৰ ওপৰত নিৰ্মীত এই ড° ভূপেন হাজৰিকা সেতুৰ পৰাই ৰাজ্যৰ লগতে কাষৰীয়া ৰাজ্যৰ পৰাও সমন্বয়ৰ বাৰ্তা কঢ়িয়াই পুৱা গধূলি বহুলোকৰ আগমন হয় একমাত্ৰ পূব দিশত অৰুণাচলৰ আকাশত সূৰ্য্যোদয় আৰু পশ্চিমত সূৰ্য্য অস্তৰ মহাবাহুৰ বুকুত জিলিকি থকা দৃষ্টিনন্দন দৃশ্য উপভোগ কৰাৰ উদ্দেশ্যে। দলং শুভ-উদ্বোধনৰ সময়ত নিশা দলংখনত পোহৰেৰে আলোকিত কৰি ৰাখিবলৈ পোহৰৰ ব্যৱস্থা হৈ উঠা নাছিল যদিও পৰৱৰ্তী সময়ত পোহৰৰ ব্যৱস্থা কৰা কথা আছিল। কথা আছিল দেশৰ দীৰ্ঘতম নদী দলং ড° ভূপেন হাজৰিকা সেতুত কৰা হব “ছলাৰ লাইট”ৰ ব্যৱস্থা। কিন্তু দলং উদ্বোধনৰ ৭টাকৈ বৰ্ষ অতিক্ৰম কৰাৰ পাছতো বিভিন্ন কাৰণ হৈ উঠা নাছিল পোহৰৰ ব্যৱস্থা। দলঙত প্ৰায়েই শুনিবলৈ পোৱা গৈছিল দূৰ্ঘটনাৰ খবৰ, আৰু এই দলঙতেই দূৰ্ঘটনা সংঘটিত হোৱা বহুজনে ইতিমধ্যে প্ৰাণ হেৰুৱালে। আৰু উক্ত দূৰ্ঘটনাসমূহৰ বিভিন্ন কাৰণসমূহৰ ভিতৰত পোহৰৰ ব্যৱস্থা নথকাটোও এটা অন্যতম কাৰণ হিচাপে অভিহিত কৰিব বিচাৰিছিল সচেতন মহলে। দেশৰ নিৰাপত্তা দিশৰ পৰাও অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত এই ড° ভূপেন হাজৰিকা সেতুত ৰাইজে পোহৰৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছিল স্থানীয় ৰাইজে। কিন্তু চৰকাৰে ৰাইজৰ এই দাবীক সহাৰি জনাব কোন দিনা? সেইয়া হৈ পৰিছিল ৰাইজৰ বাবে লাখটকীয়া প্ৰশ্ন! যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সময়ত সাধাৰণ ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে দলঙত পোহৰৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰি আহিছিল। বিশেষকৈ “নিয়মীয়া বাৰ্তা”ত এই বিষয়ে ইতিমধ্যে কেইবাৰো সবিস্তাৰে ধৰাবাহিক সংবাদ পৰিবেশনো হৈছিল। আৰু এই সকলো দাবী তথা জল্পনা-কল্পনা অন্তত অৱশেষত যেন হৈ উঠিব ধৰিছে দেশৰ মানচিত্ৰত সৰ্বাটোতকৈ দীঘল দলং বুলি চিহ্নিত হোৱা এই ড° ভুপেন হাজৰিকা সেতুত পোহৰ অৰ্থাৎ “ছলাৰ লাইট”ৰ ব্যৱস্থা। চৰকাৰৰ ৫০ কোটি ব্যয় সাপেক্ষে বিগত বৰ্ষৰ পৰা “আছাম চাপ্লাই চিণ্ডিকেট” নামৰ গুৱাহাটীৰ এটা ঠিকাদৰি প্ৰতিষ্ঠানৰ দ্বাৰা এই ড° ভূপেন হাজৰিকা সেতুত অব্যাহত থকা ছলাই লাইট স্থাপনৰ কাম এতিয়া প্ৰায় অন্তিম পৰ্যায়ত। কালি পুন প্ৰথমবাৰৰ বাবে দলঙত সংযোজিত লাইটসমূহৰ পৰীক্ষামূলকভাৱে জ্বলাই পোহৰে আলোকিত কৰি তোলে ঠিকাদাৰী প্ৰতিষ্ঠাটোয়ে। আনহাতে পৰীক্ষামূলক ভাবে লাইট জ্বলাই পোহৰেৰে দলং খন আলোকিত কৰি তোলাৰ সময়তে দলঙৰ ওপৰেৰে পাৰ হৈ যোৱা বিভিন্ন ব্যক্তিয়ে তোলা ফটো সামাজিক মাধ্যমত সামাজিক মাধ্যমৰ জড়িতে বিয়পি পৰাত এতিয়া ছৈখোৱা শদিয়াৰ লগতে বিভিন্ন ঠাইৰ ৰাইজৰ উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। সম্প্ৰতিও যুগ্ধ গতিত দলঙত ছলাৰ লাইট সংযোগৰ কাম অব্যাহত আছে। জানিব পৰা মতে, চৰকাৰী নিৰ্দেশনা অনুসৰি সম্পূৰ্ণ দলং খনতে পোহৰৰ ব্যৱস্থা কৰাৰ লগতে দলং সংযোগী পথৰ উত্তৰ আৰু দক্ষিণ দুয়োপাৰেই ৫০০ মিটাৰ পৰ্যন্ত লাইটসহ মুঠ ৪৮৪টা লাটই লোৱাৰ ব্যৱস্থা কৰিব বুলি জানিব পৰা গৈছে। ইয়াৰ ওপৰিও দলঙৰ তলৰ ভাগতো নিৰাপত্তা জনিত কাৰণত পোৱাৰৰ ব্যৱস্থা কৰিব জানিব পৰা গৈছে। এই মূহূৰ্তৰলৈকে এই লাইটাৰ আনুষ্ঠানিকভাবে উদ্ধোধন কৰাৰ সন্দৰ্ভত চৰকাৰী ভাবে কোনো ধৰণৰ খবৰ লাভ কৰা নাই যদিও সকলো ঠিকে ঠাকে থাকিলে আৰু মাত্ৰ কেইদিনমানৰ পাছতে দলঙত পোহৰেৰে আলোকিত কৰি তুলিবলৈ আনুষ্ঠানিক শুভ উদ্ধোধনৰ বাবে সজু হৈ উঠিব বুলি নিৰ্মাণকাৰি প্ৰতিষ্ঠান “আছাম চাপ্লাই চিণ্ডিকেট”ৰ বিষয়ববীয়াই জানিবলৈ দিছে । বিগত ৮ বছৰৰ অন্তত অৱশেষত ড° ভূপেন হাজৰিকা সেতুত পোহৰৰ ব্যৱস্থা কৰাৰ খবৰে এতিয়া আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ছৈখোৱাবাসীক।

প্ৰেৰক ঋতুপৰ্ণ সোণোৱাল

Featured